ETV Bharat / state

Delhi CM Assam visit: 'আহি আছে কেজৰিৱাল'

author img

By

Published : Apr 2, 2023, 10:32 AM IST

Updated : Apr 2, 2023, 1:28 PM IST

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানক লৈ আজি দিনৰ ভাগত গুৱাহাটীত উপস্থিত হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । দুয়োজন নেতাৰ আগমণক লৈ তৎপৰ আম আদমী পাৰ্টী, অসমৰ নেতা-কৰ্মী । আপৰ দুই শীর্ষ নেতাই আজি দুপৰীয়া গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা অসমবাসীক উদ্দেশ্যি ভাষণ দিব (Delhi CM Assam visit) ।

Delhi CM Assam visit
আহি আছে কেজৰিৱাল

নিউজ ডেস্ক, 2 এপ্ৰিল: আজি গুৱাহাটীত উপস্থিত হ’ব আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল (Delhi CM Arvind Kejriwal)আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান ৷ গুৱাহাটীৰ ভৰলুমুখস্থিত সোণাৰাম হাইস্কুলৰ খেলপথাৰত এক বিশাল জনসভা সম্বোধন কৰিব অৰবিন্দ কেজৰিৱালে । কেজৰিৱালৰ অসম আগমণৰ পূৰ্বে আপ অসমে ইতিমধ্যে 'আহি আছে কেজৰিৱাল' শীৰ্ষক এটা গীতো মুকলি কৰিছে । ইয়াৰ লগে লগে আপৰ কৰ্মীসকলৰ মাজত দুগুণ বৃদ্ধি পাইছে উৎসাহ উদ্দীপনা ।

আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি দিনৰ 12 বজাত গুৱাহাটীত উপস্থিত হ’ব বুলি জানিব পৰা হৈছে ৷ ইয়াৰ পাছতেই সোণাৰাম খেলপথাৰত অসমবাসীক উদ্দেশ্যি ভাষণ আগবঢ়াব কেজৰিৱালে । ইফালে কেজৰিৱালৰ আগমণৰ পূৰ্বে সোণাৰাম হাইস্কুল খেলপথাৰত চলিছে ব্যাপক প্ৰস্তুতি । আপ অসমৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভৱেন চৌধুৰীয়ে নিজেই উপস্থিত থাকি তদাৰক কৰিছে সকলো কাম-কাজ । উত্তৰ পূবৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মাও এই আয়োজনত পূৰ্ণ সহযোগিতা আগবঢ়াইছে ৷

উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাচত এইবাৰ প্ৰথমবাৰলৈ অসমত উপস্থিত হ’ব অৰবিন্দ কেজৰিৱাল (Delhi CM Assam visit) ৷ গুৱাহাটী পৌৰ নিগমত এখন আসন লাভ কৰা আপৰ পৰৱৰ্তী লক্ষ্য পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক ভেঁটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে অসমলৈ আহিছে আপৰ দুয়োগৰাকী মুখ্যমন্ত্ৰী ৷

10 হাজাৰ দলীয় কার্যকৰ্তাৰ উপস্থিতি থাকিব বুলি আপ অসমৰ কৰ্মকৰ্তাই আশা কৰা এই সভাত আপৰ শীৰ্ষ নেতা দুগৰাকীয়ে অসমৰ ৰাজনীতি তল-ওপৰ কৰিব পৰা বিশেষ ঘোষণা কৰাৰ কথা ইতিমধ্যে দাবী কৰিছে আপৰ নেতা কমল কুমাৰ মেধিয়ে ৷ মেধিৰ মতে আজি দিনটোত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ’ব (AAP meeting in Guwahati) ৷’’ ইফালে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি দিনৰ 12 বজাৰ পৰা অনুষ্ঠান আৰম্ভ হ’বলগীয়া ৰাজহুৱা সভাত 1 বজাত উপস্থিত হোৱাৰ কথা দলটোৰ ৰাষ্ট্ৰীয় নেতা দুগৰাকী ৷ ইয়াৰ পিছত বিয়লি 5 বজাত গুৱাহাটীৰ পৰা উভতি যাব তেওঁলোক ৷

লগতে পঢ়ক: Cricket Match in Guwahati: অমীমাংসিতভাৱে সমাপ্ত জজ খেলপথাৰত অনুষ্ঠিত প্ৰীতি ক্ৰিকেট মেচ

Last Updated : Apr 2, 2023, 1:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.