অসম

assam

আৰক্ষীৰ অভিযানত ড্ৰাগছ আৰু নকল পিষ্টল উদ্ধাৰ

By

Published : Aug 24, 2022, 1:46 PM IST

তিনিচুকীয়াৰ ডুমডুমাত আৰক্ষীৰ অভিযানত ড্ৰাগছ, কানি আৰু নকল পিষ্টল উদ্ধাৰ (Drugs and fake pistol recovered in Dumduma)। ডুমডুমাৰ ৰূপবনৰ বাসিন্দা কেমন হাজৰিকাৰ ঘৰত চলিছিল অভিযান । ঘটনা সন্দৰ্ভত কেমন হাজৰিকা আৰু চাইবা আলম নামৰ দুজন লোকক আটক ।

Etv Bharat
আৰক্ষীৰ অভিযানত ড্ৰাগছ আৰু নকল পিষ্টল উদ্ধাৰ

তিনিচুকীয়া,২৪ আগষ্ট :ৰাজ্যত অব্যাহত আছে নিচা জাতীয় দ্ৰব্য আৰু ড্ৰাগছ বিৰোধী অভিযান (Anti drugs campaign of Assam Police)। অসম আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰিছে নিচা জাতীয় দ্ৰব্য । কিন্তু আৰক্ষীৰ তীব্ৰ তালাচীৰ মাজতো একাংশ দুষ্টচক্ৰই এনে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে ।

এই ক্ষেত্ৰত তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা (TSK police against drugs)। বুধবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষীয়ে অভিযান চলাই যথেষ্ট পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । ডুমডুমা ৰূপবনৰ বাসিন্দা কেমন হাজৰিকা নামৰ লোকজনৰ ঘৰত চলিছিল এই অভিযান ।

আৰক্ষীয়ে অভিযানত ড্ৰাগছৰ লগতে নিষিদ্ধ কানিও উদ্ধাৰ কৰিবলৈ সক্ষম হয় (TSK police seized drugs)। আনহাতে ডুমডুমা আৰক্ষী থানাৰ পৰিদৰ্শক দিব্যজ্যোতি দত্তৰ নেতৃত্বত চলা অভিযানত কেমন হাজৰিকাৰ ঘৰৰ পৰা কেইবাটাও নকল পিষ্টল আৰু চোকা অস্ত্ৰৰ লগতে বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ।

ইফালে আৰক্ষীয়ে অভিযান চলাই কেমন হাজৰিকা আৰু চাইবা আলম নামৰ দুই অভিযুক্তক বিচাকুপি-বাঘজান সংযোগী পথত আটক কৰিবলৈ সক্ষম হৈছে (Drugs smuggler arrested in Tinsukia)। এই ঘটনাক লৈ ডুমডুমা অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক :জখলাবন্ধাৰ বিজুস্মিতা হোটেলৰ কৰ্মচাৰীক হত্যা

ABOUT THE AUTHOR

...view details