অসম

assam

লাইকা-দধিয়াবাসীৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়

By

Published : Jan 21, 2021, 9:58 PM IST

তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত লাইকা-দধিয়াবাসীৰ বিশাল ধৰ্ণা ৷ 11 জানুৱাৰীত প্ৰতিবাদস্থলীৰ পৰাই এখন সংবাদমেল সম্বোধন কৰি লাইকা-দধিয়াবাসীয়ে দিছিল প্ৰতিবাদৰ হুংকাৰ ৷ বেৰিকেড লগাই প্ৰতিবাদকাৰী সকলক বাধা দিয়াৰ চেষ্টা তিনিচুকীয়া জিলা প্ৰশাসনৰ ৷ বেৰিকেড ভাঙি জিলা উপায়ুক্ত কাৰ্যালয়লৈ বুলি ৰাওনা প্ৰতিবাদকাৰী ৷

protesters from laika dadhia rend the air in tinisukia
protesters from laika dadhia rend the air in tinisukia

তিনিচুকীয়া, 21 জানুৱাৰী:লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপন আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলাৰ দাবীত বিগত 31 দিনে অব্যাহত থকা প্ৰতিবাদে বৃহস্পতিবাৰে এক উত্তাল ৰূপ ধাৰণ কৰে ৷ বৃহস্পতিবাৰে প্ৰায় হাজাৰৰো অধিক প্ৰতিবাদকাৰীয়ে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে বিগত 21 ডিচেম্বৰৰ পৰা লাইকা-দধিয়াবাসীয়ে তেওঁলোকক পুনৰ সংস্থাপন প্ৰদান কৰাৰ লগতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলাৰ দাবীত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ৷ বিগত 20 ডিচেম্বৰত লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ দাবীত টিএমপিকে, এমএমকে, টিএমএমকেৰ উদ্যোগত লাইকা-দধিয়াবাসীয়ে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদ কৰি এক বিশাল গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিছিল ৷ উক্ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছতো কোনোধৰণৰ ইতিবাচক সহাৰি লাভ নকৰি প্ৰতিবাদকাৰী সকলে বিগত 21 ডিচেম্বৰৰ পৰা তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত জানমুখ লেজাইহুলা চৰকাৰী 12 নং দাগৰ প্ৰায় 10 বিঘাতকৈও অধিক মাটিত অস্থায়ী শিবিৰ পাতি অনিৰ্দিষ্টকালীন ধৰ্মঘট পালন কৰি আহিছে ৷

প্ৰায় হাজাৰৰো অধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ

মন কৰিব লগীয়া যে, 18 জানুৱাৰীত ধেমাজিৰ জোনাইত অনুষ্ঠিত টিএমপিকেৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিচিং জাতিক শক্তিশালী কৰাৰ স্বাৰ্থত ছাত্ৰ সংগঠনটোৱে জন্মলগ্নৰে পৰা আগবঢ়োৱা অৱদানৰ শলাগ লোৱাৰ লগতে লাইকা-দধিয়াবাসীৰ সংস্থাপনৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰিছিল ৷ লাইকা-দধিয়াবাসীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ইতিমধ্যে এখন উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছিল ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ মতে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাছতো চৰকাৰে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা আৰু লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷

বিগত 11 জানুৱাৰীত প্ৰতিবাদস্থলীৰ পৰাই এখন সংবাদমেল সম্বোধন কৰি 20 জানুৱাৰীৰ মাজ নিশাৰ ভিতৰত চৰকাৰে দাবীসমূহ সমাধানৰ ক্ষেত্ৰত স্থিতি স্পষ্ট নকৰিলে 21 জানুৱাৰীৰ পৰা তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু বন সংমণ্ডল কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰতিবাদকাৰী সকলে হুংকাৰ দিছিল ৷ সেই অনুসৰি 20 জানুৱাৰীৰ ভিতৰত আশানুৰূপ ফলাফল নোপোৱাৰ পাছতে প্ৰতিবাদকাৰীসকলে অৱশেষত বৃহস্পতিবাৰে টিএমপিকেৰ নেতৃত্বত অস্থায়ী শিবিৰৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ অভিমুখে খোজকাঢ়ি বিভিন্ন শ্ল'গানেৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক বিশাল ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

জানিব পৰা মতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰায় 100 মিটাৰ দূৰৈত তিনিচুকীয়া জিলা প্ৰশাসনে বেৰিকেড লগাই প্ৰতিবাদকাৰী সকলক বাধা দিবলৈ চেষ্টা কৰিছিল যদিও প্ৰতিবাদকাৰী সকলে বেৰিকেড ভাঙি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ বুলি ৰাওনা হয় ৷

উল্লেখ্য যে প্ৰায় লাইকা-দধিয়াৰ প্ৰায় 1,480 টা পৰিয়ালে নিজৰ‌ জীয়াই থকাৰ অধিকাৰ আৰু বসবাস কৰিবলৈ এডোখৰ মাটি বিচাৰি লগতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলাৰ দাবীত প্ৰচণ্ড শীতৰ মাজতো দিন ৰাতি একাকাৰ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:লাইকা দধিয়াবাসীৰ কাষত উপস্থিত ৰাইজৰ দলৰ প্ৰতিনিধি

ABOUT THE AUTHOR

...view details