তিনিচুকীয়া, 24 জুলাই : এটা বছৰ সম্পূৰ্ণ কৰিলে অভিশপ্ত বাঘজান কাণ্ডই ৷ কিন্তু আজিকোপতি বাঘজানবাসীয়ে নাপালে উপযুক্ত ক্ষতিপূৰণ ৷ যাৰ বাবে বিভিন্ন ধৰণে প্ৰতিবাদৰ পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বাঘজানৰ ৰাইজে ।
বাঘজান BGN ৫ নং তৈল খাদৰ প্ৰৱেশদ্বাৰত বাঘজানবাসী ৰাইজে পথ অৱৰোধ কৰি উপযুক্ত ক্ষতিপূৰণৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ । এইয়া বাঘজানবাসীৰ ক্ষোভৰ বহিঃপ্ৰকাশ ৷ ধাৰাবাহিকভাৱে বাঘজানবাসীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ কিন্তু প্ৰতিবাদ ভাষা শুনে কোনে ? বুজে কোনে ?
প্ৰতিবাদী কাৰ্যসূচী চলি থকা সময়তে তিনিচুকীয়া জিলা প্ৰশাসনে মাইক যোগে প্ৰতিবাদকাৰীক আঁতৰি যাবলৈ কয় ৷ কিন্তু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখে বাঘজানবাসীয়ে ৷ অৱশেষত ১৪৪ ধাৰা জাৰি কৰি প্ৰথমে লাঠী চালনা আৰু ইয়াৰ পিছতে শূন্যলৈ গুলী চালনা কৰিবলৈ বাধ্য হয় তিনিচুকীয়া আৰক্ষীয়ে ৷