অসম

assam

গুইজান বাইপাছত ড্ৰাগছসহ আটক এজন

By

Published : Jun 30, 2021, 10:48 AM IST

Updated : Jun 30, 2021, 11:42 AM IST

ড্ৰাগছ সৰবৰাহৰ লগতে অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police)ৰ তীব্ৰ অভিযান অব্যাহত থকাৰ সময়তে ইয়াৰ বিৰুদ্ধে সষ্টম হৈছে তিনিচুকীয়া আৰক্ষী (Tinsukia police) ৷ জিলা আৰক্ষী অধীক্ষক (DSP) হেমন্ত বড়োৰ নেতৃত্বত অভিযান চলাই গুইজান বাইপাছত তালাচী চলাই 21 গ্ৰাম ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় তিনিচুকীয়া আৰক্ষীয়ে (Tinsukia police)৷

Drugs Paddler arrested
গুইজান বাইপাছত ড্ৰাগছসহ আটক এজন

তিনিচুকীয়া, 30 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ (Drugs) সৰবৰাহৰ লগতে অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police)ৰ তীব্ৰ অভিযান ৷ আন আন জিলাৰ সমান্তৰালকৈ তিনিচুকীয়া আৰক্ষীয়েও (Tinsukia police) ইয়াৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ ৰাজ্যত আংশিক লক ডাউন, সান্ধ্য আইন বলৱৎ হৈ থকাৰ সুযোগ গ্ৰহণ কৰি বিভিন্ন প্ৰান্তত একাংশ অসাধু লোকে চলাই গৈছে ড্ৰাগছ আৰু নিচা জাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ পুনৰ মঙলবাৰে তিনিচুকীয়া আৰক্ষীয়ে (Tinsukia police) গুইজানস্থিত বাইপাছত অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

গুইজান বাইপাছত ড্ৰাগছসহ আটক এজন

মঙলবাৰে এক গোপন সূত্ৰৰ পম খেদি তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক (DSP) হেমন্ত বড়োৰ নেতৃত্বত অভিযান চলায় ৷ তিনিচুকীয়া আৰক্ষীয়ে (Tinsukia police) এখন বিলাসী বাহন ডিগবৈৰ গোপনাৰীৰ পৰা তিনিচুকীয়া অভিমুখে আহি থকা অৱস্থাত গুইজান বাইপাছত তালাচী চলাই আটক কৰে ৷ বাহনখনত 21 গ্ৰাম ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । আটকাধীন ড্ৰাগছ সৰবাহকাৰীজন ডিগবৈ গোপনাৰীৰ নৱ ডাঙৰীয়া ‌বুলি জানিব পৰা গৈছে ।

গুইজান বাইপাছত ড্ৰাগছসহ আটক এজন

উল্লেখ্য যে, ৰাজ্যত এক সামাজিক ব্যাধি ৰূপে থিয় দিয়া ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ ইতিমধ্যে সমগ্ৰ ৰাজ্যতে ড্ৰাগছ সৰৱৰাহকাৰীৰ লগতে সেৱনকাৰীৰ বিৰুদ্ধে প্ৰতিখন জিলাৰ প্ৰশাসনে এক উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰা দেখা গৈছে ৷

তিনিচুকীয়াৰ সমান্তৰালভাৱে মঙলবাৰৰ দিনটোত ডিব্ৰুগড় আৰক্ষীয়ে (Dibrugarh police)ও ইয়াৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া আৰু নগৰ আৰক্ষী পৰিদৰ্শক অৰ্জুন সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিব্ৰুগড় চহৰৰ নতুন বজাৰৰ সমীপৰ হৰিজন কলনীত চলায় এক অভিযান ৷ আৰক্ষীৰ এই অভিযানত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে বহু পৰিমানৰ অবৈধ চুলাই মদ নষ্ট কৰে আৰক্ষীৰ দলটোৱে । তদুপৰি ঘটনাস্থলীতে আৰক্ষীয়ে 5 জন সুৰাপায়ী আৰু এজন সুৰা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

গুইজান বাইপাছত ড্ৰাগছসহ আটক এজন

উল্লেখ্য যে, ড্ৰাগছ মুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি ড্ৰাগছ, গাঞ্জা অবৈধ সুৰা ইত্যাদিৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযানত কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহুকেইটা ড্ৰাগছ মাফিয়াকো (Drugs mafia) গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:ডিব্ৰুগড়ৰ আৰক্ষীৰ জালত অবৈধ সুৰা সহ 6 সৰবৰাহকাৰী

Last Updated : Jun 30, 2021, 11:42 AM IST

ABOUT THE AUTHOR

...view details