অসম

assam

APSC কেলেংকাৰীৰে তিনিচুকীয়াৰ গ্ৰেনেড বিস্ফোৰণৰ সংযোগ বিচাৰি পাইছে ডিজিপিয়ে

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 2:01 PM IST

Updated : Nov 23, 2023, 4:09 PM IST

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক কপাহতলি ভাৰতীয় সেনা বাহিনীৰ শিবিৰৰ সমীপত বুধবাৰে নিশা গ্ৰেণেড বিস্ফোৰণ ঘটনা সংঘটিত হৈছিল ৷ এই বিস্ফোৰণক লৈ চাঞ্চল্য বিৰাজ কৰি থকা সময়তে এই সন্দৰ্ভত টুইট কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ সিঙে বিচাৰি পাইছে এই গ্ৰেণেড বিস্ফোৰণেৰে এপিএছচি কেলেংকাৰীৰ সংযোগ ৷

Etv Bharat
APSC কেলেংকাৰীৰে তিনিচুকীয়াৰ গ্ৰেনেড বিস্ফোৰণৰ সংযোগ বিচাৰি পাইছে ডিজিপিয়ে

গুৱাহাটী, 23 নৱেম্বৰ: এপিএছচি কেলেংকাৰীৰ কথা তল পেলাবলৈকে তিনিচুকীয়াৰ কাকপথাৰত গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সংঘটিত কৰা হৈছে নেকি ? অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ টুইটে এই প্ৰসংগত লাভ কৰিছে বিশেষ গুৰুত্ব ৷ কাৰণ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বিচাৰি পাইছে এই গ্ৰেণেড বিস্ফোৰণেৰে এপিএছচি কেলেংকাৰীৰ সংযোগ ৷ ডিজিপি জি পি সিঙে ধাৰণা কৰিছে যে এপিএছচি কেলেংকাৰী তদন্তৰ পৰা আৰক্ষীৰ শীৰ্ষ মহলৰ মনোসংযোগ আতঁৰাই আনিবলৈকে বুধবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাকৰ সেনা শিবিৰলৈ গ্ৰেণেড দলিয়াই বিস্ফোৰণ ঘটোৱা হৈছে ৷

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সামাজিক মাধ্যমত মন্তব্য কৰিছে, “অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে এপিএছচি কেলেংকাৰীৰ তদন্ত পুনৰ্জীৱিত কৰাৰ সময়তেই তিনিচুকীয়া জিলাত হোৱা এক সামান্য বিস্ফোৰণৰ ঘটনাৰ মাজত আমি এক অদ্ভুত সংযোগ দেখা পাইছোঁ । আৰক্ষীৰ উদ্ধৰ্তন বিষয়াসকলক এপিএছচি কেলেংকাৰী তদন্তৰ পৰা ধ্যানভংগ কৰাৰ এয়া এক প্ৰয়াস যেন বোধ হয় । এনে দুৰ্বৃত্ত আৰু সংগঠনে অসমখনক উন্নীত কৰাৰ পথত সদায় বাধাৰ সৃষ্টি কৰিব । আজিৰ ঘটনা আৰু অসমৰ উত্তৰণৰ পথত হেঙাৰ সৃষ্টিকাৰীসকলক চিহ্নিত কৰি শাস্তিৰ সন্মুখীন কৰোৱাৰ লগতে এপিএছচি কেলেংকাৰী তদন্তক গভীৰতম মাত্ৰালৈ নিয়াৰ বাবে অসম আৰক্ষী অংগীকাৰবদ্ধ থাকিব ।”

ডিৰাকৰ বিস্ফোৰণৰ দায়িত্ব বৰ্তমানলৈ আলফা বা আন কোনোৱেই স্বীকাৰ কৰা নাই ৷ তেনে পৰিস্থিতিত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে । অৱশ্যে শীৰ্ষতম আৰক্ষী বিষয়াগৰাকীয়ে “এনে দুৰ্বৃত্ত আৰু সংগঠনে অসমখনক উন্নীত কৰাৰ পথত সদায় বাধাৰ সৃষ্টি কৰিব“ বুলি আলফালৈকে ইংগিত প্ৰদান কৰিছে বুলি চৰ্চিত হৈছে ৷

উল্লেখ্য যে, মঙলবাৰে নিশাৰ পৰা এপিএছচি কেলেংকাৰীত নাম সাঙোৰ খাই থকা ৩৪ জন বিষয়াৰ বিৰুদ্ধে আৰক্ষী তৎপৰ হৈছিল । তাৰ পিচতে বুধবাৰে সন্ধিয়ালৈ তিনিচুকীয়াৰ এই গ্ৰেণেড বিস্ফোৰণ সংঘটিত হয় ৷ তাৰ পিচতেই জিলাখনত আৰক্ষীয়ে ক্ষিপ্ৰ কৰি তোলে অভিযান ৷ তিনিচুকীয়া আৰক্ষীৰ অভিযান কালত জালত পৰিছে এজন আলফা(স্বাঃ)ৰ কেডাৰ ৷ তিনিচুকীয়া আৰক্ষীৰ জালত পৰা কেডাৰগৰাকী হৈছে অচ্যুতানন্দ নেওগ ওৰফে নিলয় অসম । নিলয় অসম আলফা(স্বাঃ)ৰ বিশেষ অভিযানকাৰী গোটৰ সদস্য আছিল বুলি বিশেষ সূত্ৰত প্ৰকাশ ।

কিন্ত গোটেই বিষয়টোত মন কৰিবলগীয়া কথাটো হ’ল আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ টুইট ৷ য’ত এই বিস্ফোৰণৰে এপিএছচি কেলেংকাৰীৰ লিংক বিচাৰি পাইছে তেওঁ । লক্ষণীয় হ’ব আৰক্ষীয়ে পৰৱৰ্তী সময়ত বিষয়টো লৈ কিদৰে আগবাঢ়ে !

লগতে পঢ়ক:ডিৰাকৰ ভাৰতীয় সেনা বাহিনীৰ শিৱিৰৰ সন্মুখত কোনে নিক্ষেপ কৰিছিল গ্ৰেণেড ?

Last Updated : Nov 23, 2023, 4:09 PM IST

ABOUT THE AUTHOR

...view details