বাঘজান,17 জুন :বাঘজান ঘটনাৰ কথা আপোনাক কোৱাৰ নিশ্চয় প্ৰয়োজন নাই । যি ঘটনাই কেৱল দেশতে নহয় বিশ্বত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । কিন্তু এই ঘটনাই কিমান ক্ষতি কৰিলে আপুনি জানেনে ? আপুনি অনুমানো কৰিব নোৱাৰে প্ৰকৃততে বাঘজানে আৰ্থিক ক্ষতিৰ উপৰিও জীৱকূল আৰু প্ৰকৃতিৰ ওপৰত কিমান ক্ষতি কৰিছে ।
এই দৃশ্য দেখিলে আপুনি বুজিব কিমান ভয়ানক আছিল বাঘজান অগ্নিকাণ্ড । অগ্নি নিৰ্বাপন হ'লেও চিৰদিনৰ বাবে এই তৈলখাদ অভিশপ্ত হৈ ৰ'ল বাঘজানবাসীৰ বাবে । আপুনি জানেনে এই বাঘজান অগ্নিকাণ্ডৰ ক্ষতি কিমান হ'ব পাৰে ! অসম চৰকাৰৰ বন বিভাগৰ মুখ্য বন সংৰক্ষক এম কে যাদৱৰ এক তথ্যই এতিয়া সকলোকে চিন্তিত কৰি তুলিছে ।
আৰ্থিক হিচাপত বাঘজান কাণ্ডৰ ক্ষতিৰ পৰিমাণ হৈছে ২৫ হাজাৰ কোটি টকা । এই ক্ষতি পূৰণ এদিন হ'লেও পূৰণ হ'ব কিন্তু পৰিৱেশ তথা জীৱকূলৰ যি ক্ষতি হৈছে সেয়া পূৰণ হোৱাটো সম্ভৱনে ! আপুনি শুনি আচৰিত হ'ব, ৫৫ শতাংশ জৈৱ বৈচিত্ৰ ধ্বংস হৈছে ভয়ংকৰ বাঘজান কাণ্ডত । মৃত্যু হৈছে প্ৰায় ২৯ হাজাৰ সংৰক্ষিত আৰু অসংৰক্ষিত প্ৰজাতিৰ প্ৰাণীৰ ।
বিস্ফোৰণৰ পিছতে উদ্ধাৰ হৈছে বিলুপ্তপ্ৰায় শিশু, কাছ, বিভিন্ন প্ৰজাতিৰ চৰাই, মাছ আদিৰ মৃতদেহ । উদ্ধাৰ হৈছে লুপ্তপ্ৰায় হুলক গিবনৰ দুটাকৈ মৃতদেহ । এম কে যাদবৰ তথ্য মতে, বাঘজানৰ জুইত ৭.৯৭ বৰ্গ কিল’মিটাৰ অঞ্চল সম্পূৰ্ণৰূপে ভষ্মীভূত হয় । ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ১২.০৭ বৰ্গ কিল’মিটাৰ, ১৬.৩২ বৰ্গ কিল’মিটাৰ জলাশয়, ৫.২৩ বৰ্গ কিল’মিটাৰ ঘাঁহনি ১৯.৭৬ বৰ্গ কিল’মিটাৰ নদ-নদী আৰু ২.১৩ বৰ্গ কিল’মিটাৰ বনাঞ্চল ধ্বংস হৈছে এই জুইত । ইয়াৰ ফলত নিৰ্গত হৈছে বহু ক্ষতিকাৰক গেছ আৰু পদাৰ্থ ।