অসম

assam

Labour Protest in Tinsukia: চাহ বাগিচাত অবৈধ নিৰ্মাণ বন্ধৰ দাবীত অৱস্থান ধৰ্মঘট চাহ মজদূৰ সংঘৰ

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 6:38 PM IST

ভাৰতীয় চাহ মজদূৰ সংঘৰ টিংৰাই শাখা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ । দাবীসমূহ মানি নলয় তেতিয়াহ'লে ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিলে প্ৰতিবাদকাৰীসকলে ।

Chah Mazdoor Sangh of India protest
ভাৰতীয় চাহ মজদূৰ সংঘৰ প্ৰতিবাদ

ভাৰতীয় চাহ মজদূৰ সংঘৰ প্ৰতিবাদ

তিনিচুকীয়া, ২৭ অক্টোবৰ: তিনিচুকীয়াৰ চাৰিআলি চাহ বাগিচা আৰু শুকানপুখুৰী চাহ বাগিচাত অবৈধভাৱে গৃহ নিৰ্মাণৰ বিৰুদ্ধে আজি গৰজি উঠিল শ্ৰমিক । আজি তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ভাৰতীয় চাহ মজদূৰ সংঘৰ টিংৰাই শাখা সমিতিৰ উদ্যোগত এই কাৰ্যৰ বিৰুদ্ধে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰীসকলে তিনিচুকীয়াৰ চাৰিআলি চাহ বাগিছা আৰু শুকানপুখুৰী চাহ বাগিচাত অবৈধভাৱে গৃহ নিৰ্মাণ কাৰ্যৰ বন্ধ কৰাৰ দাবী জনায় ।

তেওঁলোকে চাৰিআলি চাহ বাগিচা আৰু শুকানপুখুৰী চাহ বাগিচাত অবৈধ নিৰ্মাণ কৰা গৃহ সমূহ ভঙাৰ ব্যৱস্থা কৰাৰো দাবী উত্থাপন কৰে । তিনিচুকীয়াত ৫ হেক্টৰ বা ১৫ জনকৈ অধিক শ্ৰমিকে বছৰ দিন কাম কৰা চাহ বাগিচা সমূহত 'দ্য় প্লেণ্টেচন লেবাৰ এক্ট, ১৯৫১' আৰু 'দ্য় আছাম প্লেণ্টেচন লেবাৰ ৰুলছ' প্ৰয়োগ কৰি কৰি চাহ শ্রমিক ৰাইজক ন্যায় প্ৰদান কৰাৰো দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:Centre to Buffer Onion Sale : পিঁয়াজৰ খুচুৰা মূল্য ৫৭ শতাংশলৈ বৃদ্ধি; গ্ৰাহকক সকাহ দিবলৈ কেন্দ্ৰৰ বিশেষ ব্যৱস্থা

চাহ শ্ৰমিক চাহ বাগিচাৰ পাত চিঙা এলেকাত শ্ৰমিকৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা কৰা, মুকলি আকাশৰ তলত ৰ'দে বৰষুণে ব্ৰিটিছৰ দিনৰে পৰাই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা শ্ৰমিকৰ বাবে বাগিচা এলেকাত জিৰণি গৃহ আৰু আহাৰ গৃহ নিৰ্মাণ কৰা আদি কেইবাটাও দাবীত তিনিচুকীয়াৰ আয়ুক্ত কাৰ্যালয়তৰ সন্মুখত এই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে । যদিহে সংশ্লিষ্ট কৰ্তৃপক্ষই শ্ৰমিকসকলৰ পৰৱৰ্তী সময়ত চাৰিআলি চাহ বাগিচা আৰু শুকানপুখুৰী চাহ বাগিচাত অবৈধভাৱে গৃহ নিৰ্মাণ বন্ধৰ লগতে এই দাবীসমূহ মানি নলয় তেতিয়াহ'লে ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে । এই দাবী সম্বলিত এক স্মাৰক পত্ৰ জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Dergaon Youth Suicide Case : আৰক্ষীৰ অত্যাচাৰৰ বলি হৈ আত্মহনন কৰা অজয়ৰ আত্মাৰ সদগতি কামনাৰে প্ৰাৰ্থনা

ABOUT THE AUTHOR

...view details