অসম

assam

দক্ষিণ শালমাৰাত আধাৰকাৰ্ডৰ নামত ক'ভিড প্ৰট'কল ভংগ

By

Published : Sep 18, 2020, 7:03 PM IST

South Salmara Adhar Card Center, Covid Guiedline Break
দক্ষিণ শালমাৰাত আধাৰকাৰ্ডৰ নামত ক'ভিড প্ৰট'কল ভংগ ()

আধাৰকাৰ্ডৰ নামত দক্ষিণ শালমাৰাত ক'ভিড প্ৰট'কল ভংগ ৷ ফৰ্মৰ বাবে সামাজিক দূৰত্ব নামানি গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ আধাৰকাৰ্ডৰ চেন্টাৰ বৃদ্ধিৰ দাবী ৰাইজৰ ৷

ধুবুৰী, 18 ছেপ্তেম্বৰ :কৰ'ণা মহামাৰীৰ সময়ত সকলোকে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব মানি চলিবলৈ চৰকাৰে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে কিন্তু সামাজিক দূৰত্ব তথা ক'ভিড প্ৰট'কলক ধোৱা চাঙত তুলি দক্ষিণ শালমাৰাৰ এটা আধাৰকাৰ্ড কেন্দ্ৰত গ্ৰাহকৰ অভাৱনীয় ভিৰ হোৱা পৰিলক্ষিত হৈছে ৷

দক্ষিণ শালমাৰাত আধাৰকাৰ্ডৰ নামত ক'ভিড প্ৰট'কল ভংগ

অভিযোগ অনুসৰি,দক্ষিণ শালমাৰা খণ্ড উন্নয়ন বিষয়াৰ অস্থায়ী কাৰ্যালয়ত বিতৰণ কৰি আছে আধাৰকাৰ্ডৰ ফৰ্ম কিন্তু এই ফৰ্মৰ কাৰণে ৰাইজে ভীষণ হাৰাশাস্তিৰ সম্মুখীন হ'বলগীয়া হৈছে । কাৰ্যালয়টোৰ পৰা যিমান খিনি ফৰ্ম দিয়ে সেই ফৰ্মৰ তুলনাত ৰাইজৰ ভিৰ যথেষ্ট হোৱা পৰিলক্ষিত হৈছে ৷ ৰাতিপুৱাৰ পৰাই বহুলোকে শাৰীত থিয় হৈ থকাৰ পিচতো ফৰ্ম নাপাই উভতি যাবলগীয়া হৈছে ৷ যাৰ বাবে ভুক্তভোগী গ্ৰাহকে আধাৰকাৰ্ডৰ চেন্টাৰ বৃদ্ধি কৰিবৰ বাবে অনুৰোধ জনাইছে ৷

দক্ষিণ শালমাৰাত আধাৰকাৰ্ডৰ নামত ক'ভিড প্ৰট'কল ভংগ

ইফালে,শুকুৰবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্বৰীফুল ইছলাম প্ৰধানী,উপ-সভাপতি শ্বাহীন জাবেদ আহমেদ আৰু স্থানীয় সচেতন ব্যক্তি কাজী জমিৰ উদ্দিন আহমেদে ৰাইজৰ সমস্যাৰ পৰিস্থিতি দেখি ৰাইজৰ সুবিধাৰ্থে প্ৰতিখন গাঁও পঞ্চায়তত আধাৰকাৰ্ড কেন্দ্ৰ স্থাপন কৰি সৰ্ব সাধাৰণ ৰাইজক সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে ।

দক্ষিণ শালমাৰাত আধাৰকাৰ্ডৰ নামত ক'ভিড প্ৰট'কল ভংগ

লগতে পঢ়ক :গোঁসাইগাঁৱত পথ নিৰ্মাণত গাফিলতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details