অসম

assam

Sonitpur Journalist Union : শ্বহীদ সাংবাদিক কমলা শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ

By

Published : Aug 9, 2023, 4:26 PM IST

১৯৯১ চনৰ ৯ আগষ্টত আততায়ীৰ হাতত শ্বহীদ হৈছিল কমলা শইকীয়া । প্ৰতি বছৰে তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে এই মহান সাংবাদিকগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই আহিছে ।

Sonitpur Journalist Union
Sonitpur Journalist Union

তেজপুৰত সাংবাদিক কমলা শইকীয়াক স্মৰণ

তেজপুৰ, ৯ আগষ্ট : অসমৰ প্ৰথমজন শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ বুধবাৰে স্মৃতি দিৱস । ১৯৯১ চনৰ ৯ আগষ্টৰ দিনটোতে আততায়ীৰ হাতত শ্বহীদ হৈছিল কমলা শইকীয়া । সেই উপলক্ষে প্ৰতি বছৰৰ দৰে এইবাৰো তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে এই মহান সাংবাদিকগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক অভিজিৎ বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে । অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি তেওঁ কয় যে আজাদী কা অমৃত মহোৎসৱৰ সময়ত চৰকাৰে সাংবাদিকৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে ।

সাংবাদিকসকলে যাতে এক মুক্ত বাতাৱৰণৰ মাজেদি সংবাদ সেৱা আগবঢ়াই যাব পাৰে তাৰ বাবে নিশ্চয়তা প্ৰদান কৰিব লাগে । লগতে তেওঁ ১৯৯১ চনৰ এই দিনটো অসমৰ সংবাদ মাধ্যমৰ বাবে এক বেয়া দিন আছিল বুলি অভিহিত কৰে । আনহাতে, সভাপতিৰ আসনৰ পৰা ডঃ প্ৰাণজিত হাজৰিকাই কয় যে অসমত মুঠ ২৬ গৰাকী সাংবাদিকে কৰ্মক্ষেত্ৰত প্ৰাণ হেৰুৱাবলগা হৈছে, যিটো এক দুৰ্ভাগ্যজনক কথা । উল্লেখযোগ্য যে এই মহান সাংবাদিকগৰাকীৰ স্মৃতিত প্ৰতি বছৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি যোগোৱা একোগৰাকী ব্যক্তিক শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে সম্বৰ্ধনা জনায় আহিছে ।

এইবাৰ এনে এগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়, যিগৰাকী ব্যক্তি শ্মশানৰ জৰিয়তে সমাজত পৰিচিত । শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ তৰফৰ পৰা তেওঁক 'শ্মশান বন্ধু' উপাধি প্ৰদান কৰা হয় । উল্লেখ্য যে এইগৰাকী ব্যক্তিয়ে এতিয়ালৈকে প্ৰায় ছয় হেজাৰ লোকক সৎকাৰ কৰিছে । ১৯৫২ চনৰ পৰা এইগৰাকী ব্যক্তিয়ে মৃত্যুৰ পিছত সৎকাৰ কৰিবলৈও ধনৰ অভাৱ ঘটা দুখীয়া লোকসকলৰ সহায় কৰি আহিছে । সেইগৰাকী ব্যক্তিৰ নাম হৈছে কনক চন্দ্ৰ কলিতা ।

আনহাতে, এই স্মৃতিচাৰণ সভাত উপস্থিত থাকে তেজপুৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা শোণিতপুৰৰ পৰা প্ৰকাশিত সাপ্তাহিক গনকণ্ঠ কাকতৰ সম্পাদক (অবৈতনিক) ডঃ প্ৰাণজিৎ হাজৰিকা, তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক অভিজিৎ বৰা আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক :Kamal Medhi Suspension Case: কমল মেধিক নিলম্বন সন্দৰ্ভত স্থিতাৱস্থা বাহালৰ নিৰ্দেশ আদালতৰ

ABOUT THE AUTHOR

...view details