অসম

assam

Flood in Sonitpur: ইন্দ্ৰধনুষ আঁচনিৰ বাবে বানত বুৰিছে শোণিতপুৰ

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 4:21 PM IST

বানত বুৰিছে শোণিতপুৰৰ বিভিন্ন অঞ্চল । শোণিপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ বাঁহবাৰী মৌজাৰ লগতে কাষৰীয়া অঞ্চলত সৃষ্টি হোৱা বানৰ বাবে ইন্দ্ৰধনুষ আঁচনিক জগৰীয়া কৰে বানত জুৰুলা ৰাইজে । ইন্দ্ৰধনুষ আঁচনিৰ পাইপ পোতাৰ বাবে খন্দা মথাউৰি বালিৰে মেৰামতি কৰাৰ বাবেই মথাউৰি ভঙাৰ অভিযোগ ৰাইজৰ ।

Sonitpur flooded due to Indradhanush scheme
ইন্দ্ৰধনুষ আঁচনিৰ বাবে বানত বুৰিছে শোণিতপুৰ

তেজপুৰ,২ ছেপ্টেম্বৰ:ভদীয়া বানত জুৰুলা ৰাজ্যৰ বিভিন্ন প্ৰান্ত । ৰাজ্যৰ অন্যান্য স্থানৰ দৰেই শোণিতপুৰৰ বিভিন্ন অঞ্চলতো বানে জুৰুলা কৰিছে ৰাইজক । শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ বাঁহবাৰী মৌজাৰ লগতে কাষৰীয়া অঞ্চলত এইবাৰ বানে সৰ্বসাধাৰণৰ যি দুৰ্গতি কৰিলে ইয়াৰ বাবে ৰাইজে জগৰীয়া কৰে কাষৰীয়া অঞ্চলত স্থাপন কৰাই ইন্দ্ৰধনুষ আঁচনিক ৷ এই আঁচনিৰ অধীনত শোণিতপুৰৰ বিভিন্ন অঞ্চলত পাইপ স্থাপন কৰাৰ দৰে বাঁহবাৰী মৌজাৰ মাজৰেও এনে পাইপ স্থাপন কৰা হৈছে ৷

ইন্দ্ৰধনুষ আঁচনিৰ বাবে বানত বুৰিছে শোণিতপুৰ

বাৰিষাৰ আৰম্ভণিৰ পূৰ্বেই এই অঞ্চলসমূহত এনে পাইপ স্থাপন কৰা হৈছিল বুলি জানিবলৈ দিয়ে ৰাইজে ৷ বাঁহবাৰীৰ বেতনি অঞ্চলতো এনে পাইপ স্থাপন কৰাৰ সময়ত উক্ত অঞ্চলত থকা এটা পুৰণা মথাউৰিৰ এটা অংশ খান্দি ইন্দ্ৰধনুষ আঁচনিৰ পাইপ পোতা হৈছিল ৷ কিন্তু এই পুৰণা মথাউৰিটো খান্দি পাইপ পোতাৰ পাছত খনন কৰা স্থান বালিৰেই পুতি দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে পাইপ পোতা কামৰে জড়িত ঠিকাদাৰৰ বিৰুদ্ধে ৷

ইন্দ্ৰধনুষ আঁচনিৰ বাবে বানত বুৰিছে শোণিতপুৰ

এনে অৱস্থাত দুৰ্বল হৈ পৰা এই মথাউৰিটোৰ প্ৰায় ১৬ মিটাৰ অংশ যোৱা জুলাইৰ শেষভাগত অহা বানে ছিঙি নিয়ে ৷ জৰাসৰ নৈৰ পানী বাঢ়িলে ডিপোটা নৈৰ পানী বৃদ্ধি পায় ৷ এনে অৱস্থাত বছৰৰ দ্বিতীয়টো বানত ডিপোটা নৈৰ প্ৰৱল সোঁতে বেতনিৰ পুৰণা মথাউৰিৰ দুৰ্বল হৈ পৰা অংশ চিঙি নিয়াৰ পাছৰ পৰা অঞ্চলটোত দুবাৰকৈ সংহাৰী বানে বিস্তৰ ক্ষতি সাধন কৰে ৷

ইন্দ্ৰধনুষ আঁচনিৰ বাবে বানত বুৰিছে শোণিতপুৰ

ভাদ মাহৰ প্ৰথমতেই হোৱা বাঢ়নী পানীয়েও সেই একেই ছিঙা অংশৰে প্ৰৱেশ কৰি বেতনিৰ লগতে বাঁহবাৰী মৌজাৰ বহু অঞ্চল বুৰাই পেলায় ৷ ইন্দ্ৰধনুষ আঁচনিৰ পাইপ স্থাপনৰ পাছত ঠিকাদাৰে কেৱল বালিৰে মথাউৰিৰ খন্দা অংশ পুতি যোবা কাৰ্যৰ স্থানীয় লোকে বিৰোধিতা কৰা স্বত্বেও তেওঁলোকৰ সেই কথা ঠিকাদাৰে গুৰুত্ব নিদিয়াৰ ফলত আৰু বানে ছিঙাৰ পাছতো মথাউৰিৰ এই অংশ মেৰামতি নোহোৱাত এতিয়া ৰাইজে জীয়াতু ভূগিব লগীয়া হৈছে বুলি ভুক্তভোগী ৰাইজে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:Rangia news : ৰঙিয়াত উদ্ধোধন হ’ল গাওঁ পঞ্চায়তৰ নৱ নিৰ্মিত পঞ্চায়ত ভৱন, অজাপ সন্দৰ্ভত ভেঙুচালি সদৃশ মন্তব্য

ABOUT THE AUTHOR

...view details