অসম

assam

Martyr Dimbeswar Das path: ১৯৭১ ৰ ভাৰত-পাকিস্তান যুদ্ধত শ্বহীদৰ নামত পথ উচৰ্গা

By

Published : Jun 14, 2023, 10:36 PM IST

৫০ বছৰৰ পিচত স্বীকৃতি লাভ কৰিলে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত প্ৰাণ আহুতি দিয়া ৰাষ্ট্ৰীয় শ্বহীদ ডিম্বেশ্বৰ দাসে ৷ দ-পৰ্বতীয়াৰ বেজৰ চুবুৰীত শ্বহীদৰ ডিম্বেশ্বৰ দাসৰ সোঁৱৰণত এটি ৰাজহুৱা পথ উচৰ্গা কৰা হয়।

Road dedicated in the name of martyrs in the 1971 Indo-Pak war
১৯৭১ ৰ ভাৰত পাকিস্তানৰ যুদ্ধত শ্বহীদৰ নামত পথ উচৰ্গা

তেজপুৰ, ১৪ জুন : দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ বছৰৰ পিচত এগৰাকী বীৰ সৈনিকৰ নামত পথ উচৰ্গা ৷ তেজপুৰৰ ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত দ-পৰ্বতীয়াৰ বেজৰ চুবুৰীত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত প্ৰাণ আহুতি দিয়া ৰাষ্ট্ৰীয় শ্বহীদৰ স্বীকৃতি লাভ কৰা বেজৰ চুবুৰীৰ ডিম্বেশ্বৰ দাসৰ সোঁৱৰণত এটি ৰাজহুৱা পথ উচৰ্গা কৰা হয়।
তেতিয়াৰ অসম ৰাইফলছত থকা শ্বহীদ ডিম্বেশ্বৰ দাসে পাকিস্তানৰ লগত হোৱা এই যুদ্ধত সন্মুখৰ পৰা যুঁজি শত্ৰুৰ হাতত প্ৰাণ হেৰুৱাইছিল । পৰ্বতীয়া জিলা পৰিষদৰ সদস্যা স্বপ্না বনীয়া, পৰ্বতীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী যামিনী কলিতা, গাঁওখনৰ পঞ্চায়ত সদস্য লীলাধৰ বৰা, গাঁও উন্নয়ন সমিতিৰ সভাপতি ৰমেশ বৰাকে ধৰি স্থানীয় ৰাইজৰ উপস্থিতিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পথছোৱাৰ ৷

এই পথ উদ্বোধনী ভাষণত বিধায়ক পৃথ্বিৰাজ ৰাভাই কয় যে, ভাল কাম কৰিলে বা দেশ-জাতিৰ বাবে ত্যাগ স্বীকাৰ কৰা লোকক ৰাজহুৱা স্বীকৃতি বা সন্মান প্ৰদান কৰা পৰম্পৰা অক্ষুন্ন ৰাখিবলৈ সকলোৱে প্ৰয়াস কৰা উচিত। এগৰাকী সেনা বাহিনীৰ জোৱান হিচাপে ১৯৭১ চনতেই প্ৰাণ আহুতি দিয়া ডিম্বেশ্বৰ দাসক সুদীৰ্ঘ ৫০ বছৰৰ পিচতহে এনেদৰে ৰাইজে স্বীকৃতি বা সন্মান প্ৰদৰ্শন কৰিব লগা হোৱাতো দুৰ্ভাগ্যজনক কথা বুলি মন্তব্য কৰে ।

তেওঁ লগতে কয় যে, এতিয়াৰে পৰা অন্ততঃ গাঁওখনৰ উঠি অহা প্ৰজন্মৰ লগতে আন লোক সকলেও ডিম্বেশ্বৰ দাসৰ বিষয়ে এবাৰৰ বাবেও জানিবলৈ সক্ষম হ’ব ৷ এতিয়াৰ পৰা গাঁওখনৰ লোকসকলৰ মনত দেশপ্ৰেম জাগ্ৰত হ'ব বুলি মন্তব্য কৰি ৰাষ্ট্ৰীয় শ্বহীদ ডিম্বেশ্বৰ দাসৰ অৱদানক স্মৰণ কৰে বিধায়ক ৰাভাই ৷

১৯৭১ চনৰ যুদ্ধত দেশ-জাতিৰ বাবে ত্যাগ স্বীকাৰ কৰা এনে বহু লোক আছে যি লোকক ৰাজহুৱাকৈ সন্মান প্ৰদৰ্শন কৰা খুব কমেই পৰিলক্ষিত কৰা যায় ৷ এই শ্বহীদ সকলৰ স্মৃতি যুগমীয়া কৈ ৰাখিবলৈ চৰকাৰেও একপ্ৰকাৰে পাহৰি যোৱাৰ দৰে হৈছে বুলি আক্ষেপ কৰে বিধায়ক ৰাভাই ৷

লগতে পঢ়ক:5 suspended: ৰেষ্টোৰাঁৰ কৰ্মচাৰীক প্ৰহাৰ কৰি চাকৰিৰ পৰা নিলম্বন IAS, IPS বিষয়াসহ 5 গৰাকীক

ABOUT THE AUTHOR

...view details