অসম

assam

অৱশেষত উদ্ধাৰ হ’ল দুষ্কৃতিকাৰীয়ে লৈ যোৱা দুটাকৈ থ্ৰী নট থ্ৰী ৰাইফল

By

Published : Oct 2, 2020, 12:11 PM IST

মিছামাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰানী অভয়াৰণ্যৰ বন শিৱিৰৰ পৰা দুষ্কৃতিকাৰীয়ে লৈ গৈছিল দুটাকৈ থ্ৰী নট থ্ৰী ৰাইফল ৷ অসম-অৰুণাচল সীমান্তত থকা কেম্পৰ সমীপৱৰ্তী জংঘলৰ মাজৰ পৰা অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

rangapara sonai rupai forest incidante
অৱশেষত উদ্ধাৰ হ’ল দুষ্কৃতিকাৰীয়ে লৈ যোৱা দুটাকৈ থ্ৰী নট থ্ৰী ৰাইফল

ৰঙাপৰা,2 অক্টোবৰঃ প্ৰায় এসপ্তাহৰ অন্তত আজি উদ্ধাৰ হ’ল দুষ্কৃতিকাৰীয়ে লৈ যোৱা থ্ৰী নট থ্ৰী ৰাইফল দুটা। ৰাইফল দুটা উদ্ধাৰ হোৱাৰ পিছত শোণিতপুৰ জিলা প্ৰশাসন আৰু বন বিভাগে স্বস্তিৰ নিশ্বাস পেলাইছে। মিছামাৰী আৰক্ষী আৰু বন বিভাগে সোণাই-ৰূপাই বন্যপ্ৰানী অভয়াৰণ্যখনৰ ভিতৰত ৰাইফল দুটাৰ সন্ধানত অভিযান চলাই থকাৰ সময়তে, বন্যপ্ৰাণী অভয়াৰণ্যখনৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় ৮ কিলোমিটাৰ নিলগৰ তথা অসম-অৰুণাচল সীমান্তত থকা কেম্পৰ সমীপৱৰ্তী জংঘলৰ মাজৰ পৰা অভিযানকাৰী দলটোৱে ৰাইফল দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অৱশেষত উদ্ধাৰ হ’ল দুষ্কৃতিকাৰীয়ে লৈ যোৱা দুটাকৈ থ্ৰী নট থ্ৰী ৰাইফল

উল্লেখযোগ্য যে, যোৱা 24 ছেপ্টেম্বৰত বন শিৱিৰটোৰ পহৰাৰ দায়িত্বত থকা বিশ্বজিৎ ৰয় আৰু প্ৰমোদ নাথৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবেই দুৰ্বৃত্তই দুটাকৈ থ্ৰী নট থ্ৰী ৰাইফল লৈ যাবলৈ সক্ষম হৈছিল । ৰাইফল দুটা উদ্ধাৰৰ বাবে শোণিতপুৰ জিলাৰ মিছামাৰীৰ উত্তৰ দিশত থকা সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ দাঁতি কাষৰীয়া গাঁও সমূহত জিলা প্ৰশাসনৰ বৃহৎ আৰক্ষীৰ এটা দলে অভিযান চলাইছিল।

লগতে পঢ়কঃ পুনৰ ডকমকাত জঘন্যকাণ্ড : মৰিয়াই মৰিয়াই জ্বলাই দিলে দুজনক

ABOUT THE AUTHOR

...view details