অসম

assam

সৈনিক নৰেন চন্দ্ৰ দাস আৰু দালাই লামাৰ নামত নিৰ্মান হ’ব স্তূপ

By

Published : Feb 10, 2022, 10:28 PM IST

ধৰ্মগুৰু দালাই লামা আৰু নৰেন চন্দ্ৰ দাসৰ নামত শোণিতপুৰৰ জিলাৰ বালিপাৰাত নিৰ্মান হ’ব স্তূপ (Monastery in memories of Dalai Lama and soldier Naren Chandra Das) ৷ য’ত সংৰক্ষণ কৰা হ’ব ধৰ্মগুৰু দালাই লামা আৰু অসম ৰাইফলছৰ প্ৰাক্তন জোৱান নৰেন চন্দ্ৰ দাসে ব্যৱহাৰ কৰা প্ৰতিপদ সামগ্ৰী ৷

Monastery in memories of Dalai Lama and soldier Naren Chandra Das
সৈনিক নৰেন চন্দ্ৰ দাস আৰু দালাই লামাৰ নামত নিৰ্মান হ’ব স্তূপ

তেজপুৰ, ১০ ফেব্ৰুৱাৰী: তিব্বতীয়ান ধৰ্মগুৰু দালাই লামাক সুৰক্ষা প্ৰদান কৰি ভাৰতলৈ অনা অসম ৰাইফলছৰ প্ৰাক্তন জোৱান নৰেন চন্দ্ৰ দাসৰ ঘৰত নিৰ্মাণ হ’ব দালাই লামা আৰু নৰেন চন্দ্ৰ দাসৰ নামত উৎসৰ্গিত স্তূপ (Monastery in memories of Dalai Lama and soldier Naren Chandra Das)।

তিব্বতীয়ান ধৰ্মগুৰু দালাই লামা আৰু নৰেন চন্দ্ৰ দাসৰ নামত উৎসৰ্গিত এটি স্তূপ নিৰ্মান কৰিব বুলি জানিবলৈ দিয়ে ক’ৰ গ্ৰুপ ফৰ তিব্বতীয়ান কজ’ৰ আহ্বায়ক সৌম্যদ্বীপ দত্তই । বুধবাৰে শোণিতপুৰৰ জিলাৰ বালিপাৰাৰ উদমাৰী গাঁৱত প্ৰয়াত সৈনিক নৰেন দাসৰ ঘৰত উপস্থিত হোৱা দলটোৱে নৰেন চন্দ্ৰ দাসৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই মন্তব্য কৰে । অনুষ্ঠানত ভাৰত-তিব্বত সমন্বয় সমিতি আৰু কেন্দ্ৰীয় তিব্বতৰ অতিৰিক্ত সচিব যিগমে চুলত্ৰিমৰ লগতে অৰুণাচল প্ৰদেশৰ দুগৰাকী প্ৰতিনিধিও উপস্থিত থাকে ।

তিব্বতীয়ান কজ’ৰ আহ্বায়ক সৌম্যদ্বীপ দত্তই কয় যে, ধৰ্মগুৰু দালাই লামা আৰু তেওঁক সুৰক্ষা প্ৰদান কৰি অহা ভাৰতীয় সেনাৰ সৈনিক নৰেন চন্দ্ৰ দাসৰ এক সুকীয়া পৰিচয় আছে ৷ দাসৰ আৰু দালাই লামাৰ বিষয়ে সকলোৱে জনাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য আৰু তাৰবাবে দুয়োজনৰ নামত এটা স্তূপ নিৰ্মান কৰাৰ কথা চিন্তা কৰা হৈছে । ইতিমধ্যে পৰিয়ালৰ সৈতে আলোচনা কৰি দাসৰ ঘৰৰ সন্মুখত স্থান নিৰ্বাচনো কৰা হৈছে । লগতে তেওঁ কয় যে, অহা মাৰ্চ মাহৰ শেষৰফালে এই নিৰ্মাণকাৰ্য আৰম্ভ হ’ব ।

নৰেন চন্দ্ৰ দাসে ব্যৱহাৰৰ কৰা সামগ্ৰী আৰু ধৰ্মগুৰু দালাই লামাৰ ব্যৱহৃত যি কোনো সামগ্ৰী সংৰক্ষণ কৰা হ’ব এই স্তূপত ৷ ইয়াৰ লগতে দালাই লামা আৰু প্ৰাক্তন সৈনিক নৰেন চন্দ্ৰ দাসৰ বিৱৰণ আৰু বিভিন্ন ঠাইৰ পৰ্য্যটকৰ বাবে কাষৰীয়া অঞ্চলত পৰ্যটকৰ উপযোগীকৈ এক পৰ্যতনক্ষেত্ৰ প্ৰস্তুতৰ বিষয়েও চিন্তা কৰিব বুলি জানিবলৈ দিয়ে ।

১৯৫৯ চনত তিব্বতৰ পতলা নামৰ ঠাইৰ পৰা ৰঙা চীনৰ অত্যাচাৰ কৱলৰ পৰা পলাই আহি টাৱাং পথেদি ভাৰতত প্ৰৱেশ কৰাৰ সময়ত খেনজিমণি পথেদি নৰেন চন্দ্ৰ দাসৰ সহযোগিতাত তেজপুৰ পাইছিলহি । আনহাতে প্ৰয়াত দাসৰ দ্বিতীয় কন্যা স্বপ্না দাসে ইটিভি ভাৰতক জনায় যে, এই প্ৰস্তাৱৰ ওপৰত তেওঁলোকৰ পৰিয়ালে সন্মতি প্ৰদান কৰাৰ লগতে তিব্বতীয়ান ক’ৰ গোটৰ তৰফৰ পৰা প্ৰয়াত পিতৃৰ স্মৃতিত এখন গ্ৰন্থ প্ৰকাশ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সৈনিক দাসৰ যোৱা ২৮ ডিচেম্বৰত মৃত্যু হোৱাৰ পিছত ২৫ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে প্ৰয়াত দাসৰ ঘৰলৈ যোৱা পথটো নৰেন চন্দ্ৰ দাসৰ নামত নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক:চিতাৰ জুইত অনন্তধামলৈ যাত্ৰা অপূৰ্ব বেজবৰুৱাৰ

ABOUT THE AUTHOR

...view details