অসম

assam

Land patta in forest area : শোণিতপুৰৰ বনাঞ্চলত বাস কৰা ১৩০০ পৰিয়ালক ভূমি পট্টা

By

Published : Nov 5, 2022, 10:43 AM IST

সোণাই ৰূপাই অভয়াৰণ্যৰ কাষৰীয়া চাৰিদুৱাৰ বনাঞ্চলৰ বেদখলীকৃত ভূমিত ভূমি আইনৰ অধীনত ভূমি পট্টা প্ৰদান কৰিব চৰকাৰে । চাৰিদুৱাৰ বাতাশিপুৰ অঞ্চলত মুঠ ১,৩০০ টা পৰিয়ালক ভূমি পট্টা বিতৰণ কৰিব (Land pattas to 1300 families in Sonitpur)। অসম চৰকাৰৰ ২০১১ চনৰ লোক পিয়ল অনুসৰি উক্ত স্থানত মুঠ ৪,৪৬৪ টা আবাস গৃহ আছে ।

Tezpur
শোণিতপুৰৰ বনাঞ্চলত বাস কৰা ১৩০০ পৰিয়ালক ভূমি পট্টা

তেজপুৰ, ৫ নৱেম্বৰ : ৰাজ্য চৰকাৰে বনাঞ্চলসমূহত উচ্ছেদ অভিযান অব্যাহত ৰাখিছে (Eviction in forest area)। কিন্তু এই উচ্ছেদৰ মাজতে জনজাতীয় লোকসকলক ভূমি পট্টা প্ৰদানৰ দাবী উত্থাপন হোৱা দেখা গৈছে । ভূমি পট্টা প্ৰদানৰ দাবীত বিভিন্ন স্থানত প্ৰতিবাদ হোৱাও দেখা গৈছে ।

অৱশ্যে ইয়াৰ মাজতে অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । সোণাই ৰূপাই অভয়াৰণ্যৰ কাষৰীয়া চাৰিদুৱাৰৰ একাংশ লোকক ভূমি পট্টা প্ৰদানৰ বাবে সাজু হৈছে চৰকাৰ । জানিব পৰা মতে আজি অৰ্থাৎ ৫ নৱেম্বৰত সোণাই ৰূপাই অভয়াৰণ্যৰ কাষৰীয়া চাৰিদুৱাৰ বনাঞ্চলৰ বেদখলীকৃত ভূমিত ভূমি আইনৰ অধীনত ভূমি পট্টা প্ৰদান কৰিব । শোণিতপুৰ জিলাৰ অধীনত চাৰিদুৱাৰ বাতাশিপুৰ অঞ্চলত মুঠ ১,৩০০ টা পৰিয়ালক ভূমি পট্টা বিতৰণ কৰিব অসম চৰকাৰে (Land pattas to 1300 families in Sonitpur)।

চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চল আৰু সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত ১,৩০০ টা পৰিয়ালক শোণিতপুৰ জিলা প্ৰশাসন আৰু বন বিভাগে ভূমি পট্টা প্ৰদান কৰিব ৷ ইফালে বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ ১,৩০০ টা পৰিয়ালক ভূমি পট্টা প্ৰদান কৰিলে অৱশিষ্ট বনাঞ্চলখিনিও পিছলৈ নাথাকিব বুলি একাংশ লোকে আশংকা কৰিছে ।

সোণাই ৰূপাই অভয়াৰণ্যত মুঠ ২২০ বৰ্গ কিলোমিটাৰ এলেকাৰ ভিতৰত ১০০ বৰ্গ কিলোমিটাৰ সম্পূৰ্ণ বেদখলীকৃত (Encroachment in Sonai Rupai Wildlife Sanctuary)। ইয়াৰ ভিতৰত ২০০৭ চনত ৮৫ বৰ্গ কিলোমিটাৰ বেদখল হৈছিল আৰু বন বিভাগৰ তথ্য অনুসৰি সেই সময়তেই মুঠ ১২,০০০ লোকে বেদখল কৰি বাস কৰি আহিছে । বৰ্তমান বনাঞ্চলখনৰ পশ্চিমে বেলশিৰি নদীৰ পৰা পাছনৈ নদীৰ ওদালগুৰি জিলাৰ সমীপলৈ বিস্তাৰিত অভয়াৰণ্য খনৰ ৮৫ বৰ্গ কিলোমিটাৰ আৰু পূবে চাৰিদুৱাৰ সংলগ্ন এলেকাৰ ১৫ বৰ্গ কিলোমিটাৰ সম্পূৰ্ণ ৰূপে বেদখলীকৃত ।

অসম চৰকাৰৰ ২০১১ চনৰ লোক পিয়ল অনুসৰি উক্ত স্থানত মুঠ ৪,৪৬৪ টা আবাস গৃহ আছে । মনকৰিবলগীয়া যে অভয়াৰণ্য খনে ২০০১ আৰু ২০০৫ চনতেই আটাইতকৈ বেছি ৩৫ শতাংশ ভূমি হেৰুৱাইছে । বিশেষকৈ বাতাশিপুৰ আৰু গলাই অঞ্চলত ।

লগতে পঢ়ক :Youth lost his leg: খেতি কৰিবলৈ গৈ ভৰি হেৰুৱালে যুৱকে

ABOUT THE AUTHOR

...view details