অসম

assam

Kidnapped Arunachal Boy: চীনা সৈন্যই বৈদ্যুতিক স্বক দিছিল মিৰাম টেৰণক

By

Published : Feb 2, 2022, 9:57 PM IST

চীনা সৈন্যই অপহৰণ কৰি নিয়াৰ পিছত অৰুণাচলৰ যুৱক মিৰাম টেৰণক বৈদ্যুতিক শ্বক দিয়া হৈছিল ৷ এনে বহু শিহঁৰণকাৰী ঘটনাৰ বিষয়ে ইটিভি ভাৰতক ক’লে মিৰাণ টেৰণে (Kidnapped Arunachal boy Miran Teron) ৷

Kidnapped Arunachal Boy
চীনা সৈন্যই বৈদ্যুতিক স্বক দিছিল মিৰাম টেৰণক

তেজপুৰ, ২ ফেব্ৰুৱাৰী: ‘‘মোক চীনা সৈন্যই ধৰি লৈ যোৱাৰ পিছত মাৰধৰ কৰাই নহয়, বেটাৰী সংযুক্ত কাৰেণ্টৰ স্বক দিয়া হৈছিল ৷ তাৰ পিছত মোক এটা কেম্পত বন্দী কৰি ৰাখিছিল ৷’’ স্বগৃহত উপস্থিত হোৱাৰ পিছত অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ যদৌ গাঁৱৰ মিৰাম টেৰণৰ ভাষ্য এইয়া (Kidnapped Arunachal boy Miran Teron) ৷ বন্ধুৰ সৈতে একেলগে মনৰ কথা ক'লে মিৰামে ।

অৰুণাচল প্ৰদেশৰ সীমান্ত পাৰ হৈ যোৱাৰ পিছত অৰুণাচলৰ যুৱক মিৰাম টেৰণক এটা নতুন পথৰে লৈ যোৱা হৈছিল চীনা সেনাৰ এটা কেম্পলৈ । সীমান্তৰ কাষত নতুন পথ নিৰ্মাণৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে মিৰামে জনালে এই তথ্য । ১৭ বছৰীয়া মিৰামক কৰা মাৰধৰ এতিয়া অনুভৱ কৰিছে মিৰামে, কঁকালত মৰা কিক এতিয়া অনুভৱ কৰিছে বুলি ইটিভি ভাৰতৰ লগত হোৱা বার্তালাপত কয় মিৰামে (Miram Teron interview) ৷

চীনা সৈন্যই বৈদ্যুতিক স্বক দিছিল মিৰাম টেৰণক

চীনা সৈন্যৰ কৱলত থকাৰ সময়ত তেওঁলোকৰ সৈনিকৰ লগতে মিৰামকো দৈনিক ক’ভিড পৰীক্ষা কৰিছিল । সোমবাৰে মিৰামক ভাৰতীয় সেনাই উজনি চিয়াং জিলাৰ টুটিং ৰাজহ চক্ৰত এক অনুষ্ঠানৰ জৰিয়তে পৰিয়ালৰ হাতত গতাই দিছিল । টুটিঙত উপস্থিত হৈ মাক দেউতাকক লগ পোৱাৰ পিছত ইটিভি ভাৰতৰ লগত হোৱা সাক্ষাৎকাৰত মিৰামে কয় যে, চীনা সৈন্যই চকু-মুখ বান্ধি টি 3 পইণ্টৰ পৰা জানুৱাৰী ১৮ তাৰিখে ধৰি লৈ গৈছিল । মিৰাম বন্ধুৰ লগত চিকাৰ কৰিবলৈ গৈ সীমান্তৰ ওচৰ পোৱাত তাৎক্ষণিকভাৱে চীনা সৈন্যৰ ১৫ জনীয়া এটা দলে চাৰিওফালে আগুৰি ধৰে ৷ সেই মুহুৰ্তত কি কৰিব একো তৎ ধৰকিব নোৱাৰি মিৰাম থমকি ৰয় আৰু লগৰজন দৌৰি পলায় যায় ।

মিৰামে কয় যে,‘‘মোক চকু বান্ধি লৈ যায় আৰু এটা কেম্পৰ ভিতৰতে ৰাখে, ভৰিৰে কিক্ মাৰে । তাৰ পিছত গাড়ীত উঠাই বহু দূৰলৈ লৈ যায় । তিনিদিন মোৰ চকু বন্ধ হোৱা নাছিল কিজানি মোক মাৰি পেলায় ।’’ চীনা সৈন্যৰ বহু প্ৰশ্নৰ সন্মুখীন হোৱা মিৰামে সিহতৰ ভাষা একো বুজিব নোৱাৰি হিন্দী অথবা আদি ভাষাত প্ৰশ্ন কৰাৰ বাবে অনুৰোধ জনাইছিল । চীনা সৈন্যই লৈ যোৱাৰ দ্বিতীয় দিনৰ পৰা মিৰামক সম্পূৰ্ণ খাদ্যবস্তুৰ যোগান ধৰিছিল ৷ দিনত চাৰিবাৰকৈ খাবলৈ দিছিল যদিও মিৰামে একমাত্ৰ নিজৰ ঘৰখন আৰু মাক দেউতাকৰ কথাহে ভাবিছিল । মিৰামে লগতে কয় যে, ‘‘মোৰ লগৰীয়াজন পলাই নহা হ’লে ভাৰতীয় সেনা আৰু মোৰ ঘৰৰ মানুহে গমেই নাপালেহেতেন ।’’ ইয়াৰ বাবে মিৰাম টেৰণে ভাৰতীয় সেনাক ধন্যবাদ জ্ঞাপন কৰে ।

আনহাতে ১৮ জানুৱাৰীত মিৰামৰ সৈতে চিকাৰলৈ যোৱা জনি নামৰ বন্ধুজনে কয় যে, তেওঁ পলোৱাৰ বাহিৰে একো উপায় বিচাৰি পোৱা নাছিল । উক্ত স্থানত ২০১৮ চনৰ শেষৰ ফালে চীনা সৈন্য বাহিনীৰ লোক সোমাই আহিছিল আৰু সেয়াও তেওঁ প্ৰত্যক্ষ কৰিছিল বুলি মিৰামৰ বন্ধু জনিয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:Dibrugarh boy Kidnapped by NSCN: কৰ্মৰত অৱস্থাৰ পৰাই অপহৰণ কৰিলে ডিব্ৰুগড়ৰ যুৱকক

ABOUT THE AUTHOR

...view details