অসম

assam

তেজপুৰ বৈদ্যুতিক চক্ৰৰ গ্ৰাহকৰ বাবে ভাল খবৰ

By

Published : Oct 22, 2020, 10:06 PM IST

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ তেজপুৰ বৈদ্যুতিক চক্ৰই বৃহস্পতিবাৰৰে পৰা তেজপুৰ আৰু দাঁতি কাষৰীয়া এলেকাত অবিৰত গতিত বিদ্যুত যোগানত সুবিধা হোৱাকৈ তেজপুৰ ৩৩/১১ কে ভি উপ-কেন্দ্ৰৰ অধীনত ১১ কে ভি এ বি চি ( Aerial Bunched Cable) কনডাক্টৰ তাঁৰৰ এটা অতিৰিক্ত লাইন কাৰ্যক্ষম কৰি তুলিছে ৷

good-news-for-tezpur-aseb-customers
তেজপুৰ বৈদ্যুতিক চক্ৰৰ গ্ৰাহকৰ বাবে ভাল খবৰ

তেজপুৰ, ২২ অক্টোবৰ: অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ তেজপুৰ বৈদ্যুতিক চক্ৰই বৃহস্পতিবাৰৰে পৰা তেজপুৰ আৰু দাঁতি কাষৰীয়া এলেকাত অবিৰত গতিত বিদ্যুৎ যোগানত সুবিধা হোৱাকৈ তেজপুৰ ৩৩/১১ কে ভি উপ-কেন্দ্ৰৰ অধীনত ১১ কে ভি এ বি চি ( Aerial Bunched Cable) কনডাক্টৰ তাঁৰৰ এটা অতিৰিক্ত লাইন কাৰ্যক্ষম কৰি তুলিছে ৷

উল্লেখ্য যে, তেজপুৰ ৩৩/১১ কে ভি উপ-কেন্দ্ৰৰ পৰা তেজপুৰৰ কনকলতা চিভিল হাস্পতাল, মহাভৈৰৱ, ৰাবাৰ বাগান, বামুন গাঁও, প’ল’ ফিল্ড, বৌ বজাৰ, এক্স পুলিছ লাইন, মৰাভৰলী, বালিচাপৰি, গেৰেকী, মাইথান আদিকে ধৰি এটা বৃহৎ অঞ্চললৈ মাত্র এটা ১১ কে ভি ফিডাৰেৰে ( 11KV North Feeder) বিগত সময়চোৱাত বিদ্যুৎ যোগান দি থকাৰ ফলত বিদ্যুৎ বিতৰণত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল ৷ এই অসুবিধাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি চৰকাৰৰ UDAY ( Ujwal DISCOM Assurance Yojana) আঁচনিৰ অধীনত ১১ কে ভি এ বি চি ( Aerial Bunched Cable) কনডাক্টৰ তাঁৰেৰে এটা অতিৰিক্ত লাইন নিৰ্মাণ কৰি এই ফিডাৰটো দুটা সুকীয়া ফিডাৰলৈ সলনি কৰা হৈছে ।

তেজপুৰ বৈদ্যুতিক চক্ৰৰ গ্ৰাহকৰ বাবে ভাল খবৰ

ইয়াৰে মহাভৈৰৱ ফিডাৰে কনকলতা চিভিল হাস্পতাল, গাড়োৱানপট্টি, ঢেকিয়াল গাঁও, নেপালীপট্টি, মহাভৈৰৱ মন্দিৰ, ৰাবাৰ বাগান, বামুন গাঁও, প’ল’ ফিল্ড ইত্যাদি অঞ্চল সামৰি ল'ব আৰু মাইথান ফিডাৰে ব্লাড বেংক, গনেশমিল, বৌ বজাৰ, এক্স পুলিছ লাইন, মৰাভৰলী, বালিচাপৰি, গেৰেকী, বামুনীপাহাৰ, মাইথান ইত্যাদি অঞ্চল সামৰি ল'ব ৷

২২ অক্টোবৰ অৰ্থাৎ আজিৰেপৰা এই পৃথকীকৰণ সম্পূৰ্ণ কৰি পৰীক্ষামূলকভাবে বিদ্যুৎ যোগান আৰম্ভ কৰা হৈছে । এই অতিৰিক্ত লাইনৰ ফলত এতিয়াৰে পৰা তেজপুৰ আৰু দাঁতি কাষৰীয়া এলেকাত কোনো ধৰণৰ ব্যাঘাত নোহোৱাকৈ বিদ্যুত যোগান সম্ভৱ হৈ উঠিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক: জনা-নজনা: এসময়ৰ নিচাসক্ত এই গাঁও আজি সম্পূৰ্ণ নিচামুক্ত

ABOUT THE AUTHOR

...view details