অসম

assam

স্বাধীনতা সংগ্ৰামী কনকলতা দেৱীৰ বিয়োগ

By

Published : Nov 2, 2021, 3:21 PM IST

ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰা মহিলা কনকলতা দেৱীৰ বিয়োগ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ ।

kanaklata
স্বাধীনতা সংগ্ৰামী কনকলতা দেৱীৰ বিয়োগ

তেজপুৰ,২ নৱেম্বৰ : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ নিবাসী স্বাধীনতা সংগ্ৰামী কনকলতা দেৱীৰ সোমবাৰে দেহাৱসান ঘটে । ভাৰতৰ স্বাধীনতা আন্দোলনত তেজপুৰত চন্দ্ৰনাথ শৰ্মাৰ নেতৃত্বত চলা অহিংসা আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰা মহিলা কনকলতা দেৱীৰ দিনৰ প্ৰায় ১‍১ বজাত বাৰ্ধক্যজনিত কাৰণত ৮৭ বছৰ বয়সত মৃত্যু হয় । বিবাহসূত্ৰে তেওঁ জামুগুৰিহাটৰ প্ৰয়াত পূৰ্ণ নাথলৈ বিয়া হৈছিল আৰু তেখেত স্বামী ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ সময়ৰ পৰাই কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্বত আছিল ।

স্বাধীনতা সংগ্ৰামীগৰাকী মৃত্যুত শোকস্তব্ধ সমগ্ৰ শোণিতপুৰ জিলাৰ ৰাইজ । ইফালে তেখেতৰ গৃহত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ শিক্ষক গোট আৰু কৰ্মচাৰী সন্থাৰ প্ৰতিনিধি, জামুগুৰি জুনিয়ৰ কলেজৰ প্ৰতিনিধি, গাওঁবুঢ়া সন্থাৰ প্ৰতিনিধি, ডেকাসুন্দৰ যুৱক সংঘৰ প্ৰতিনিধিৰ লগতে খাদৈচুক গাঁৱৰ উন্নয়ন সমিতি আৰু মহিলা সমিতিৰ সদস্যসকলে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক :ধনতেৰাচৰ এদিন পূৰ্বে ডিব্ৰুগড়ত উদ্ধাৰ ৩০ লক্ষ্যাধিক টকাৰ গহনা

ABOUT THE AUTHOR

...view details