ETV Bharat / state

ধনতেৰাচৰ এদিন পূৰ্বে ডিব্ৰুগড়ত উদ্ধাৰ ৩০ লক্ষ্যাধিক টকাৰ গহনা

author img

By

Published : Nov 1, 2021, 10:21 PM IST

ধনতেৰাচৰ পূৰ্বে ডিব্ৰুগড়ত ৩০ লক্ষ্যাধিক টকাৰ সোণ ৰূপৰ সামগ্ৰী উদ্ধাৰ ৷ সোণ বিচাৰি হাহকাৰ বিভিন্নজনৰ ৷

dibrugarh police rescues jewellery costing lakhs a day before dhanteras
ধনটেৰাছৰ এদিন পূৰ্বে ডিব্ৰুগড়ত উদ্ধাৰ ৩০ লক্ষ্যাধিক টকাৰ গহনা

মৰাণ, 1 নৱেম্বৰ : সমাগত ধনতেৰাচ উপলক্ষে ডিব্ৰুগড়ত আয়োজন কৰা হৈছে সোণৰ মেলা । সোণৰ আ-অলংকাৰ, গহনা-পাতিৰে ভৰি পৰিছে ডিব্ৰুগড়ৰ এখন আৰক্ষী চকী । মঙলবাৰে পৱিত্ৰ ধনতেৰাচ উপলক্ষে হিন্দু ধৰ্মাৱলম্বী লোকে আগ্ৰহেৰে ৰৈ থকা সময়তে ডিব্ৰুগড়ৰ এখন থানা ভৰিছে সোণ-ৰূপৰ গহনাৰে । নিজৰ নিজৰ গহনা-গাঠৰি বিচাৰি হাবাথুৰি গৰাকীৰ ।

ধনটেৰাছৰ এদিন পূৰ্বে ডিব্ৰুগড়ত উদ্ধাৰ ৩০ লক্ষ্যাধিক টকাৰ গহনা

ডিব্ৰুগড়ৰ মিলন নগৰ আৰক্ষীয়ে সোমবাৰে পুৱাৰে পৰা অভিযান চলাই বিগত দিনকেইটাত সংঘটিত হোৱা চুৰি ঘটনাৰ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই জব্দকৃত সোণৰ গহনা সমূহ চিনাক্তকৰণৰ বাবে আৰক্ষীয়ে থানাত মেলি দিছে অলংকাৰসমূহ ।

ডিব্ৰুগড় চহৰৰ মিলন নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপাংকৰ বৰাৰ নেতৃত্বত চহৰৰ ইলাহী পট্টীৰ পৰা জব্দ কৰে গহনা সমূহ । শংকৰ চৌহান, জাকিৰ হুছেইন, বিষ্ণু কৰ্মকাৰ, অজয় নায়ক আৰু এটা ১৪ বছৰীয়া শিশু গ্ৰেপ্তাৰ কৰি তদন্ত কৰাৰ পাছত এনেদৰে উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

চোৰকেইটাৰ পৰা আৰক্ষীয়ে সোমবাৰে পুনৰ ৫৬ টা সোণৰ আঙুঠি, ১১ ডাল খাৰু, ১৪ টা কাণফুলি, ৭ ডাল চেইন, ৬ ডাল ৰূপৰ পায়েল, ১০ ডাল মংগলসূত্ৰ, ১ টা পানী মেচিন, ১১ টা পাণবটা, ৫ টা কাঁহৰ গিলাছ, ৫ ঘটি, ৩ টা কাঁহৰ বাল্টি, ১ টা জুনুকা, ১ টা চেমচাং টিভি, ১ টা এক্সাইড বেটাৰী উদ্ধাৰ কৰে ।

আনহাতে, ২৯ অক্টোবৰতো ১৭ টা ম'বাইল ছেট, ৬ডাল সোণৰ চেইন, ব্ৰেচলেট ২ডাল, পায়েল ৫ ডাল, দুটা সোণৰ কাছ, ৭টা সোণ-ৰূপৰ আঙুঠি, ৪২ যোৰ খাৰু, পুৰণি পাঁচশ টকীয়া নোট, ৩৪ সোণৰ মুদ্ৰা, টুলি ১টা আদিকে ধৰি বহু চুৰি হোৱা সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী । যাৰ বাবে নিজৰ নিজৰ চুৰি সামগ্ৰী বিচাৰি সকলোৱে এতিয়া থানাত ভিৰ কৰিছেহি গৰাকীয়ে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ হুংকাৰলৈ ভয় নকৰে চাউল চোৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.