অসম

assam

বাঘজানৰ অগ্নিকাণ্ডই ক্ষতিসাধন কৰিছে ডিব্ৰু ছৈখোৱাৰ-পৰিমল শুক্লবৈদ্য

By

Published : Jun 11, 2020, 2:32 PM IST

Updated : Jun 11, 2020, 5:24 PM IST

বাঘজানৰ অগ্নিকাণ্ডই প্ৰভাৱ পেলাইছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত,এই কথা স্বীকাৰ কৰিলে অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

Forest minister Parimal Suklabaidya's reaction about on Baghjan incident
বাঘজানৰ অগ্নিকাণ্ডই ক্ষতিসাধন কৰিছে ডিব্ৰু ছৈখোৱাৰ-পৰিমল শুক্লবৈদ্য

তেজপুৰ, 11 জুন:বাঘজান তেল খাদত সংঘটিত হোৱা ভয়ংকৰ গেছ নিৰ্গমণৰ ঘটনাক দুখজনক বুলি আখ্যা দি বৃহস্পতিবাৰে তেজপুৰত অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে,বাঘজানৰ অগ্নিকাণ্ডই সমীপৱৰ্তী ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত প্ৰভাৱ পেলাইছে ৷ তেওঁ লগতে কয় যে,ৰাষ্ট্ৰীয় উদ্যানখনৰ লগতে উদ্যানখনৰ জীৱ জন্তু,চৰাই চিৰিকটি,মাছ আদিৰ ব্যাপক ক্ষতিসাধন হৈছে ৷

বাঘজানৰ অগ্নিকাণ্ডই ক্ষতিসাধন কৰিছে ডিব্ৰু ছৈখোৱাৰ-পৰিমল শুক্লবৈদ্য

বাঘজানৰ খাদত সংঘটিত হোৱা বিস্ফোৰণ তথা অগ্নিকাণ্ডৰ ফলত দুজনকৈ কৰ্মচাৰীৰ মৃত্যুত শোক প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷ এই ঘটনা সন্দৰ্ভত উচিত তদন্ত হ'ব বুলি প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যেই বন বিভাগৰ এটা মুৰব্বী বিষয়াৰ দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ ফলত উদ্ভৱ হ'ব পৰা বিষয় সমূহৰ পৰ্যালোচনা কৰিছে বুলি জনাই মন্ত্ৰীজনে ৷

বাঘজান ঘটনা সন্দৰ্ভত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, এই অভাৱনীয় ঘটনাৰ ফলত কাষৰীয়া বনাঞ্চল সমূহত বাস কৰা জীৱ জন্তুৰ সমুহৰ জীৱনলৈ আহিব পৰা ভাবুকি আৰু ইয়াৰ প্ৰতিকাৰৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিছে বুলি জনাইছে মন্ত্ৰী জনে ৷

কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীৰ লগত এই সন্দৰ্ভত আলোচনা কৰিছে অসম চৰকাৰে । লগতে অইল কৰ্তৃপক্ষই ঘটনাৰ আগমুহূৰ্তত স্থানীয় লোকৰ মাজত সতৰ্কতা মূলক জাননী জাৰি কৰিব লাগিছিল বুলিও মন্ত্যব কৰিছে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

লগতে পঢ়কঃ কাঠফলা মিলৰ পৰা মাহিলী হিচাপত কমিচন সংগ্ৰহ কৰে বন বিভাগে !

Last Updated :Jun 11, 2020, 5:24 PM IST

ABOUT THE AUTHOR

...view details