অসম

assam

অবৈধ বেদখলকাৰীৰ কবলত বৰছলা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ বালি চাপৰি

By

Published : Sep 30, 2021, 6:24 PM IST

কেৱল ছিপাঝাৰৰ গৰুখুটিয়ে নহয়, অসমৰ বহু জিলাত চলি আছে অবৈধ বেদখল । শোণিপুৰ জিলাৰ বৰছলা সমষ্টিৰ বহু অঞ্চলো এতিয়া বেদখলকাৰীৰৰ কবলত । মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিলে এই কথা ।

encroachment
অবৈধ বেদখলকাৰীৰ কবলত বৰছলা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ বালি চাপৰি

তেজপুৰ,৩০ ছেপ্তেম্বৰ :দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুটিত (Garukhuti) প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ পাছতে ৰাজ্যত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে অভিযোগ কৰা মতে এতিয়াও বহু কেইখন জিলাত অবৈধ বেদখল অব্যাহত আছে । ইফালে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও (Himanta Biswa Sarma) অবৈধ বেদখলৰ কথা স্বীকাৰ কৰিছে ।

অবৈধ বেদখলকাৰীৰ কবলত বৰছলা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ বালি চাপৰি

সংবাদমাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ শিঙৰীস্থিত ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ মন্দিৰৰ (Gupteswar Temple) সমীপতো বহু অঞ্চল বেদখলকাৰীৰ কবলত পৰিছে । সত্য প্ৰমাণিত হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ এই ভাষ্য । বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে নগাঁৱৰ লাহৰিঘাট, ধিং সমষ্টি আদিত ভোটাধিকাৰ থকা বহুলোকে ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ মন্দিৰৰ আশে পাশে ব্ৰহ্মপুত্ৰৰ চাপৰিত অবৈধভাৱে বেদখল কৰিছে ।

এই কথা পোহৰলৈ অহাৰ লগে লগে এতিয়া স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে । অবৈধ বেদখলকাৰীয়ে গুপ্তেশ্বৰ মন্দিৰৰ ঐতিহ্যত আঘাত হনা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বেদখলকাৰীৰ ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে ।

লগতে পঢ়ক :ধুবুৰীত ব্ৰাউন চুগাৰসহ এজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details