অসম

assam

New Education System: কেবিনেটৰ শৈক্ষিক সিদ্ধান্তৰ বিৰোধিতা বড়ো সাহিত্য সভা-নিখিল বড়ো ছাত্ৰ সন্থাৰ

By

Published : Aug 7, 2022, 11:33 AM IST

"ৰাজ্য চৰকাৰে শিক্ষা বিভাগত লোৱা সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ আমাৰ ভাষা আৰু জাতীয় পৰিচয় বাদ দি যদি চৰকাৰে কয় ইংৰাজী সলসলীয়াকৈ ক’ব পাৰিলেহে উচ্চ পৰ্যায়ৰ চাকৰি দিব তেতিয়া হ’লে আমাক চাকৰি নালাগে ৷ আমাৰ নিজৰ ভাষা লাগিব, জাতীয় পৰিচয় লাগিব, জাতীৰ স্বাভিমান আমাৰ থাকিব লাগিব ৷ সেইক্ষেত্ৰত আমি কেতিয়াও আপোচ নকৰো" ৷ শোণিতপুৰ জিলাত অনুষ্ঠিত এক ৰাজহুৱা সজাগতা সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰশান্ত বড়োৱে ৷

Bodo Sahitya Sabha and Nikhil Bodo Student union opposes New Education System of Assam
কেবিনেটৰ শৈক্ষিক সিদ্ধান্তৰ বিৰোধিতা বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ

ৰঙাপৰা, 7 আগষ্ট: শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মাইনাওশ্ৰী চেণ্টাৰত শনিবাৰে অনুষ্ঠিত হয় এখন ৰাজহুৱা সজাগতা সভা । বিহুৰাম বড়ো মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সজাগতা সভাখনত সভাপতিত্বত কৰে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি চিতাৰাম বসুমতাৰীয়ে ।

কেবিনেটৰ শৈক্ষিক সিদ্ধান্তৰ বিৰোধিতা বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ

উল্লেখ্য যে, ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক, বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম ইংৰাজী ভাষাত পঢ়াৰ সিদ্ধান্ত লৈছে (Science and Math in English medium in Assam) ৷ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই স্বাভাৱিকতে ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক লৈ সৰৱ হৈ পৰিছে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভা (New Education System) ৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ শিক্ষা বিভাগে আদৰ্শ বিদ্যালয়ৰ স্থাপনেৰে মাতৃভাষাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰা, ভৱিষ্যতে কোনো অপ্ৰাদেশীকৃত বিদ্যালয়ক প্ৰাদেশিকীকৰণ নকৰা আৰু বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক বিষয় দুটা ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিৰোধিতা কৰিয়েই নিখিল বড়ো ছাত্ৰ সন্থা (Bodo Sahitya Sabha) আৰু বড়ো সাহিত্য সভাই ৰাইজৰ উপস্থিতিত ৰাজহুৱা সজাগতা সভা অনুষ্ঠিত তীব্ৰ বিৰোধীতা কৰে (Nikhil Bodo Student union opposes New Education System)।

"ৰাজ্য চৰকাৰে শিক্ষা বিভাগত লোৱা সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ আমি জাতি হিচাপে জীয়াই থাকিব বিচাৰো, আমাৰ ভাষা আৰু জাতীয় পৰিচয় বাদ দি যদি চৰকাৰে কয় ইংৰাজী সলসলীয়াকৈ ক’ব পাৰিলে হে উচ্চ পৰ্যায়ৰ চাকৰি পাব তেতিয়াহ’লে আমাক চাকৰি নালাগে ৷ আমাৰ নিজৰ ভাষা লাগিব, জাতীয় পৰিচয় লাগিব, জাতীৰ স্বাভিমান আমাৰ থাকিব লাগিব ৷ সেই ক্ষেত্ৰত আমি কেতিয়াও আপোচ নকৰো" ৷ উক্ত ৰাজহুৱা সজাগতা সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰশান্ত বড়োৱে ৷

এই অনুষ্ঠানত উপস্থিত থাকে বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ কেইবাগৰাকী বিষয়ববীয়া ।

লগতে পঢ়ক:চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ ধ্বংসৰ বাট মুকলি কৰিছে : অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদ

ABOUT THE AUTHOR

...view details