চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ ধ্বংসৰ বাট মুকলি কৰিছে : অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদ

author img

By

Published : Aug 6, 2022, 7:38 PM IST

Assam Jatiya Bidyalay Education Council

অসম কেবিনেটে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম ইংৰাজী ভাষাত প্ৰস্তুত কৰাৰ বাবে সিদ্ধান্ত লৈছিল ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি এতিয়া প্ৰতিবাদৰ সৃষ্টি হৈছে ৷ শেহতীয়াকৈ অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদে চৰকাৰৰ এই সিদ্ধান্ত বিজ্ঞানসন্মত নহয় বুলি দাবী কৰি এইয়া সম্পূৰ্ণ ভুল সিদ্ধান্ত বুলি সদৰি কৰিছে (Assam Jatiya Bidyalay Education Council oppose Assam Cabinet decisions) ।

গুৱাহাটী, ৬ আগষ্ট: ‘‘চৰকাৰে শিক্ষা সম্পৰ্কে গ্ৰহণ কৰা কেবিনেটৰ সিদ্ধান্ত বিজ্ঞানসন্মত নহয়, এইয়া চৰকাৰৰ সম্পূৰ্ণ ভুল সিদ্ধান্ত ।’’ এই মন্তব্য অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ(Assam Jatiya Bidyalay Education Council) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি মিত্ৰজোঁট চৰকাৰখনে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক, বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম ইংৰাজী ভাষাত প্ৰস্তুত কৰাৰ বাবে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদে(Assam Jatiya Bidyalay Education Council oppose Assam Cabinet decisions) ।

শনিবাৰে মহানগৰীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয় প্ৰাংগনত এখন সংবাদমেল সংম্বোধন কৰি অসম জাতীয় বিদ্যালয়ৰ সচিব ড৹ নাৰায়ণ শৰ্মা আৰু অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে কয় যে, চৰকাৰে শিক্ষা সম্পৰ্কে গ্ৰহণ কৰা কেবিনেটৰ সিদ্ধান্ত বিজ্ঞানসন্মত নহয়, এইয়া চৰকাৰৰ সম্পূৰ্ণ ভুল সিদ্ধান্ত । প্ৰাথমিক পৰ্যায়ৰ শিক্ষাগ্ৰহণৰ একমাত্ৰ বিজ্ঞানসন্মত মাধ্যম হ’ল মাতৃভাষা আৰু ঘৰুৱা ভাষা (Assam Cabinet decisions for Education) ।

অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদ

যদিহে মাতৃভাষা মাধ্যমত শিক্ষাদান নহয় তেনেহ’লে প্ৰকৃত জ্ঞান আহৰণৰ পৰা শিক্ষাৰ্থীসকল বঞ্চিত হ’ব বুলি উল্লেখ কৰি ইংৰাজী মাধ্যমত পঢ়োৱা সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় । তেওঁলোকে লগতে কয় যে, শিক্ষা সম্পৰ্কে গ্ৰহণ কৰা এই সিদ্ধান্তৰ জৰিয়তে মাতৃভাষা মাধ্যমৰ শিক্ষাৰ্থীসকলৰ ওপৰত ইংৰাজী মাধ্যমৰ বোজা জাপি দিব বিচৰা হৈছে ।

মাতৃভাষা মাধ্যমৰ শিক্ষাৰ্থীসকলৰ প্ৰতি চৰকাৰৰ এনে বৈষম্যমূলক আচৰণৰ কাৰণ কি থাকিব পাৰে বুলি চৰকাৰক প্ৰশ্ন কৰে অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদে ৷ তেওঁলোকে লগতে এই সিদ্ধান্তই প্ৰকৃতাৰ্থত মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ ধ্বংসৰ বাটহে মুকলি কৰিব বুলি ব্যক্ত কৰে । তেওঁলোকে লগতে কয় যে, অসমীয়া মাধ্যমত পঢ়ি বহু লোকে গৱেষণা কৰি দেশত নাম উজ্জ্বল কৰিছে । অসমীয়া ভাষাত অধ্যয়ন কৰি আই এ এছ, আই পি এছ বিষয়া হৈছে ।

তেওঁলোকে লগতে কয় য়ে, চৰকাৰখনে অসমৰ প্ৰতিখন বিদ্যালয়ত গুণগত শিক্ষাৰ মান উন্নত কৰাৰ বিপৰীতে শিক্ষাৰ মাধ্যমক বিদেশী ভাষাত কৰিবলৈ যোৱাটো অবিবেচক, অদূৰদৰ্শী সিদ্ধান্ত । চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবীত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদে চৰকাৰলৈ শীঘ্ৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ এই সংবাদমেলত অসম জাতীয় বিদ্যালয়ৰ বিভিন্ন মাণ্ডলিক প্ৰতিনিধি উপস্থিত থাকে ।

লগতে পঢ়ক : Bhattadev university Registrar Arrested: উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত বিশ্ববিদ্যালয়ক পঞ্জীয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.