অসম

assam

Baresahariya Bhaona Controversy: বিতৰ্ক বন্ধ নকৰিলে ইছমাইল হোছেইনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নি

By

Published : Mar 11, 2023, 7:12 PM IST

Updated : Mar 11, 2023, 8:43 PM IST

বাৰেচহৰীয়া ভাওনাক লৈ বিতৰ্ক বন্ধ নকৰিলে ইছমাইল হোছেইনৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব আইনী ব্যৱস্থা ৷ বিতৰ্কিত ইছমাইল হোছেইনক এই সকীয়নি বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ ৷ অনুমতি বিহীনভাৱে বাৰেচহৰীয়া ভাওনাত ইছমাইল হোছেইনে ভাও দিয়াক কেন্দ্ৰ কৰি অব্যাহত আছে বিতৰ্ক (Baresahariya Bhaona Controversy) ৷

Baresaharia Bhaona Controversy
বিতৰ্ক বন্ধ নকৰিলে ইছমাইল হুছেইনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নি উদযাপন সমিতিৰ Controversy

বিতৰ্ক বন্ধ নকৰিলে ইছমাইল হুছেইনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নি উদযাপন সমিতিৰ

চতিয়া, 11 মাৰ্চ:জামুগুৰিহাটত অনুষ্ঠিত হোৱা বাৰেচহৰীয়া ভাওনা মহোৎসৱত ইছমাইল হোছেইনে ভাও লোৱাক কেন্দ্ৰ কৰি অব্যাহত আছে বিতৰ্ক ৷ এই বিতৰ্ক সন্দৰ্ভত শনিবাৰে সংবাদমেল সম্বোধন কৰে বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিয়ে ৷ ইছমাইল হোছেইনক অযথা বিতৰ্কৰ সৃষ্টি নকৰিবলৈ সকীয়নি ভাওনা উদযাপন সমিতিৰ (Baresahariya Bhaona Controversy) ৷

শনিবাৰে সংবাদমেলত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাই (Padma Hazarika) কয়, ‘‘বাৰেচহৰীয়া ভাওনা মহোৎসৱ কোনো জাতি বা কোনো ধৰ্মৰ ভেদ-ভাৱ নোহোৱাকৈ অনুষ্ঠিত হোৱা এক অনুষ্ঠান ৷ 226 বছৰীয়া গৌৰবোজ্জল এই ধৰ্মীয় অনুষ্ঠানভাগত সকলো জাতি-জনগোষ্ঠীৰ লোকেই অংশগ্ৰহণ কৰে ৷ এইবাৰো অঞ্চলটোৰ সকলো জাতি-জনগোষ্ঠীৰ লোকৰ উপৰিও মুছলমান সম্প্ৰদায়ৰ লোকও সমিলমিলেৰে এই বাৰেচহৰীয়া ভাওনাভাগ সুন্দৰভাৱে অনুষ্ঠিত কৰিছে ৷’’

লগতে তেওঁ কয়, ‘‘ যোৱা 8 মাৰ্চৰ দিনা 14 নং খলাত যেতিয়া এজন ভাৱৰীয়া হিচাপতকৈ বেছিকৈ ওলাইছিল তেতিয়া বিচাৰকে বিষয়টো জনোৱাত ভাওনা পৰিচালনা সমিতিয়ে বিচাৰ-খোচাৰ কৰাতহে ইছমাইল হোছেইনৰ ভাও দিয়াটো পোহৰলৈ আহে ৷ লগে লগে পৰিচালনা সমিতিয়ে তেওঁক ভাও দিয়াত বাধা প্ৰদান কৰে ৷ এই বিষয়টোক লৈ ইছমাইল হোছেইনে অযথা বিতৰ্কত লিপ্ত হৈছে ৷’’

ইফালে, সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত ইছমাইল হোছেইনে ভাওনাক লৈ যি মন্তব্য কৰি আছে সেয়া বন্ধ কৰি বিষয়টো সমাপ্ত কৰিবলৈ আহ্বান জনায় বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাই ৷ অন্যথা তেওঁৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ’ব বুলিও সকীয়নি প্ৰদান কৰে বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিয়ে (Ismail Hossain controversy) ৷

উল্লেখ্য যে, যোৱা 8 মাৰ্চৰ দ্বিতীয় দিনা বাৰেচহৰীয়া ভাওনা মহোৎসৱ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল ৷ কিন্তু সেই ভাওনাত অনুমতি অবিহনে ইছমাইলে ভাও দিয়াক লৈ সৃষ্টি হয় বিতৰ্কৰ ৷ ইয়াকে লৈ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত আত্মপক্ষ সমৰ্থন কৰি বিভিন্ন কথা উল্লেখ কৰি আছে ইছমাইল হোছেইনে ৷

লগতে পঢ়ক:Baresaharia Bhaona: বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ মাজেৰে আৰম্ভ হ’ল বাৰেচহৰীয়া ভাওনা মহোৎসৱ

Last Updated : Mar 11, 2023, 8:43 PM IST

ABOUT THE AUTHOR

...view details