Baresaharia Bhaona: বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ মাজেৰে আৰম্ভ হ’ল বাৰেচহৰীয়া ভাওনা মহোৎসৱ

By

Published : Mar 6, 2023, 10:30 PM IST

thumbnail

তেজপুৰ, 6 মাৰ্চ: বৰ্ণাঢ্য কাৰ্যসূচী আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ মাজেৰে আৰম্ভ হ’ল বাৰেচহৰীয়া ভাওনা মহোৎসৱ (Baresaharia Bhaona) ৷ আয়তিৰ হৰি নামৰ ধ্বনি, দবা, শংখৰ শব্দই মুখৰিত হৈ পৰিছে পকামুৰা পথাৰ ৷ এই উপলক্ষে জামুগুৰিহাটৰ বৰভগীয়া নামঘৰ প্ৰাঙ্গণৰ পৰা গুণমালা পুথি লৈ এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷

শোণিত কোঁৱৰ গজেন বৰুৱাই এই ভাওনাক জামুগুৰিৰ পৰা উলিয়াই আনি অসম আৰু ভাৰতবৰ্ষৰ সংস্কৃতিপ্ৰেমীৰ লগত চিনাকি কৰি দিয়া প্ৰথমগৰাকী ব্যক্তি । বৰুৱাই 1797- 98 চনত আৰম্ভ হোৱা এই ভাওনাৰ 1969 চনত পৰ্বত-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীৰে সকলোকে একত্ৰিত কৰি এক নতুন মাত্ৰা প্ৰদান কৰে । 

এই ভাওনাৰ এক বিশেষ গুৰুত্ব আছে । একেসময়তে একেলগে 20-30 খন ভাওনা অনুষ্ঠিত হয় মণ্ডপৰ অন্তঃভাগত । প্ৰায় 400 ৰো অধিক গায়ন-বায়ন, ঘোষা, ডবা, বৰকাঁহ, শংখ বাজে । ভোৰতাল, কালী, নাগাৰা, খোলৰ শব্দত জামুগুৰিত এক সুকীয়া পৰিৱেশ বিৰাজ কৰে ৷

লগতে পঢ়ক: Baresaharia Bhaona : বাৰেচহৰীয়া ভাওনা মহোৎসৱ মুকলি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.