অসম

assam

Tezpur Medical College : জালিয়াতিৰে চাকৰি লাভ কৰা ৫ কৰ্মচাৰীক নিলম্বন

By

Published : Nov 2, 2022, 2:06 PM IST

Updated : Nov 2, 2022, 3:09 PM IST

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত জালিয়াতিৰে চাকৰি লাভ কৰা ৫ জনক নিলম্বন (5 employees suspended from Tezpur MCH) । ভুৱা তথ্যৰে নিযুক্তি লাভ কৰাৰ বাবে নিলম্বন কৰে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ।

Tezpur
Tezpur

তেজপুৰ, ২ নৱেম্বৰ : অসমৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত জালিয়াতিৰে চাকৰি লাভ কৰা কৰ্মচাৰীক ন্যায়ালয়ৰ হস্তক্ষেপত নিলম্বন (5 employees suspended from Tezpur MCH) । সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এনে এক ঘটনা (appointment scam in Tezpur Medical College) ।

জালিয়াতিৰে চাকৰি লাভ কৰা ৫ কৰ্মচাৰীক নিলম্বন

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ৫ গৰাকীকৈ লেবৰেটৰী টেকনিচিয়ানক নিলম্বন (Laboratory technician suspended from Tezpur MCH) । ভুৱা তথ্যৰে নিযুক্তি লাভ কৰাৰ বাবে নিলম্বন কৰে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই (Tezpur Medical College Hospital) । তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কৰুণা হাজৰিকাই আজি জানিবলৈ দিয়ে যে ২০১৫ চনৰ উক্ত নিযুক্তি প্ৰক্ৰিয়াত তথ্যৰ বিসংগতি পোহৰলৈ অহাত একাংশ বঞ্চিত প্ৰাৰ্থীয়ে আদালতৰ কাষ চাপিছিল ।

আৰু শেহতীয়াকৈ আদালতে সমগ্ৰ বিষয়ৰ এক ৰায়দানৰ পিছতেই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁলোকক নিলম্বন কৰা হয় । উল্লেখযোগ্য যে চিকিৎসা মহাবিদ্যালয়খনত আৰম্ভণিতে একাংশ প্ৰাৰ্থীয়ে বিসংগতিপূৰ্ণ নথি-পত্ৰ দাখিল কৰি নিযুক্তিলাভ কৰিছিল আৰু এই বিষয়ে বঞ্চিত একাংশ প্ৰাৰ্থীয়ে আদালতৰ কাষ চাপিছিল ২০১৮ বৰ্ষত ।

মুঠ ১৪ গৰাকী লেবৰেটৰী টেকনিচিয়ানৰ নিযুক্তি প্ৰক্ৰিয়াত অভিযোগ উত্থাপিত হৈছিল (laboratory technicians accused in recruitment process) । পৰৱৰ্তী সময়ত আদালতে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ২৭ তাৰিখে এক ৰায় প্ৰদান কৰে আৰু এই ৰায়ৰ ভিত্তিত চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে দুগৰাকী প্ৰাৰ্থীক চাকৰিৰ পৰা নিলম্বন কৰে আৰু আদালতে বাকী তিনিজন প্ৰাৰ্থীৰ নথি-পত্ৰ পুনৰ তদন্তৰ নিৰ্দেশ জাৰি কৰাৰ পিছত আদালতৰ ৰায় অনুসৰি উক্ত তিনিওজন প্ৰাৰ্থীকে নিলম্বন কৰে (court dismisses appointment of laboratory technician) ।

প্ৰাৰ্থীকেইগৰাকী হৈছে মঞ্জুমণি বৰা হাজৰিকা, ইমণি ৰয়, পংকজ বৰুৱা, কৌশিক দাস আৰু সীমান্ত নাথ। উল্লেখ্য, তেওঁলোকে চিকিৎসা মহাবিদ্যালয়খনত প্ৰথম পৰ্যায়তে নিযুক্তি লাভ কৰিছিল আৰু কৰ্মৰত অৱস্থাত আছিল ।

লগতে পঢ়ক :MLA Pransanta Phukan: কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ 31 চনলৈ ৰ'ব লাগিব !

Last Updated : Nov 2, 2022, 3:09 PM IST

ABOUT THE AUTHOR

...view details