অসম

assam

Teenage Assaulted by Man: নামতিত শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি 13 বছৰীয়া কিশোৰী

By

Published : Feb 24, 2023, 10:00 AM IST

Updated : Feb 24, 2023, 10:49 AM IST

শিৱসাগৰৰ নামতিত কিশোৰী নিৰ্যাতনৰ ঘটনা ৷ এগৰাকী 13 বছৰীয়া কিশোৰীক বাবুল আলী নামৰ এটা লম্পটে নিৰ্যাতন চলাই অহাৰ অভিযোগ ৷ এজাহাৰ দাখিলৰ পাচতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ ৷

Teenage Assaulted by Man
নামতিত শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি 13 বছৰীয়া কিশোৰী

শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি 13 বছৰীয়া কিশোৰী

আমগুৰি, 24 ফেব্ৰুৱাৰী: ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাই আহিছে কিশোৰী নিৰ্যাতন, ধৰ্ষণ আদিৰ ঘটনা ৷ তাৰ মাজতে পোহৰলৈ আহিছে আন এক কিশোৰী নিৰ্যাতনৰ ঘটনা ৷ এইবাৰ শিৱসাগৰ জিলাৰ নামতিত সংঘটিত হৈছে এই ঘটনা (Teenage abuse in Sivsagar) ৷

নামতিত এগৰাকী 13 বছৰীয়া কিশোৰীক এটা লম্পটে দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই অহাৰ তথ্য পোহৰলৈ অহাৰ পাচতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ নামতি চাৰিআলিৰ সমীপৰ বাবুল আলী নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপন হৈছে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ ৷

অভিযোগ অনুসৰি, বাবুল আলী নামৰ লম্পটটোৱে ঘৰৰ ওচৰৰে এগৰাকী 13 বছৰীয়া কিশোৰীক বহুদিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল ৷ কিশোৰীগৰাকীয়ে স্নান কৰি থকা সময়ত গোপনে ফটো আৰু ভিডিঅ’ কৰিও ভাইৰেল কৰি দিয়াৰ ভাবুকি প্ৰদান কৰি আহিছিল লম্পট বাবুল আলীয়ে ৷ কেৱল সিমানেই নহয়, নিচাযুক্ত দ্ৰব্য খুৱাই ডিঙিত চুৰি লগাই কিশোৰীগৰাকীক ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে বাবুল আলীৰ বিৰুদ্ধে (Sexual abuse allegation against Babul Ali) ৷

লগতে, কিশোৰীগৰাকী টিউচনলৈ যোৱাৰ অৱস্থাত বাবুল আলীয়ে বলপূৰ্বকভাৱে গাড়ীত উঠোৱাৰ চেষ্টা কৰা, গালি-গালাজ পৰাকে ধৰি বিভিন্ন ধৰণেৰে নিৰ্যাতন চলাই আহিছিল ৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে এই কথা অৱগত হোৱাৰ পাছতেই কাষ চাপে আৰক্ষীৰ (Child abuse case at Namti) ৷

সমগ্ৰ ঘটনা সন্দৰ্ভত নাজিৰা মহকুমা আৰক্ষী বিষয়া আৰু নামতি আৰক্ষীক অভিযোগ দিয়ে কিশোৰীগৰাকীৰ পৰিয়ালে ৷ কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ ভুক্তভোগী কিশোৰীগৰাকীক ন্যায় প্ৰদান কৰাৰ বিপৰীতে বাবুল আলী নামৰ লম্পট ব্যৱসায়ীটোক আৰক্ষীয়ে ৰক্ষণাৱেক্ষণ দিয়া বুলিহে সম্প্ৰতি উত্থাপন হৈছে অভিযোগ (Teenage assaulted by man) ৷

অভিযোগ দাখিলৰ পাছতো বাবুল আলীৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই তাকে লৈয়ো বৰ্তমান সৃষ্টি হৈছে ৰহস্যৰ ৷ যি সময়ত বাল্যবিবাহকে ধৰি কিশোৰীৰ ক্ষেত্ৰত সংঘটিত হোৱা যিকোনো অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে, তেনে সময়ত নামতি আৰক্ষীৰ নীৰৱ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সকলোৱে ৷

আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সম্প্ৰতি সংবাদমাধ্যমৰ কাষ চাপিছে ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃ ৷

লগতে পঢ়ক:Two Rape cases: বাইহাটাত গাঁওবুঢ়াৰ হাতত ধৰ্ষিতা মহিলা; গোলাঘাটত কিশোৰীক দলবদ্ধ ধৰ্ষণ

Last Updated : Feb 24, 2023, 10:49 AM IST

ABOUT THE AUTHOR

...view details