অসম

assam

Raijor Dal Protest in Sivasagar: জয়সাগৰত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ৰাইজৰ দলৰ প্ৰতিবাদ

By

Published : Dec 17, 2022, 4:23 PM IST

শিৱসাগৰৰ জয়সাগৰত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ৰাইজৰ দলৰ অৱস্থান ধমঘট কাৰ্যসূচী (Raijor Dal Protest in Sivasagar)। থাওৰা সমষ্টিৰ মস্কৰা নামৰ এটা বাগিচাৰ পিছফালে থকা এটা অঞ্চললৈ চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছতেই জাঙুৰ খাই উঠে ৰাইজৰ দল ৷

Raijor dal demanding setting up of medical college at Jaisagar in Sivasagar
শিৱসাগৰৰ জয়সাগৰত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ৰাইজৰ দলৰ প্ৰতিবাদ

শিৱসাগৰৰ জয়সাগৰত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ৰাইজৰ দলৰ প্ৰতিবাদ

শিৱসাগৰ, 17 ডিচেম্বৰ: শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ (Sivasagar Civil Hospital) চৌহদত শনিবাৰে ৰাইজৰ দলে সাব্যস্ত কৰে এক উত্তাল প্ৰতিবাদ ৷ শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়খন (Sivasagar Medical College) স্থানান্তৰ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ৰাইজৰ দলে সাব্যস্ত কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

উল্লেখ্য যে শিৱসাগৰবাসীৰ বহুদিনীয়া দাবীৰ অন্তত শেহতীয়াকৈ অসম চৰকাৰে শিৱসাগৰ জিলাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল । শিৱসাগৰবাসীৰ দাবী মানি চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল ঠিকেই কিন্তু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত চিকিৎসা মহাবিদ্যালয়খন স্থাপন নকৰি থাওৰা সমষ্টিত চিকিৎসা মহাবিদ্যালয়খন স্থাপনৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ পিছতেই জাঙুৰ খাই উঠে ৰাইজৰ দল (Raijor Dal protest in Sivasagar) ৷

ৰাইজৰ দলৰ দাবী শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰিব লাগে চৰকাৰে ৷ প্ৰতিবাদস্থলীত ৰাইজৰ দলৰ এগৰাকী নেতাই কয় যে শিৱসাগৰত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়খন শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত নিৰ্মাণ কৰিব লাগে ৷ কিন্তু চৰকাৰে থাওৰা সমষ্টিৰ মস্কৰা নামৰ এখন বাগিচাৰ পিছফালে থকা এটা অঞ্চললৈ এই চিকিৎসা মহাবিদ্যালয়খন স্থানান্তৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ কিন্তু এই সিদ্ধান্ত ৰাইজৰ দলে কেতিয়াও মানি নলয় আৰু ইয়াৰ তীৱ্ৰ বিৰোধিতা কৰে ৰাইজৰ দলে (Raijor Dal protests against shifting of SMC) ৷

লগতে কয় যে আচলতে এয়া আমি সন্মানৰ প্ৰশ্ন হিচাপে লোৱা নাই ৷ কাৰণ স্বাস্থ্যখণ্ডৰ লগত সন্মানৰ প্ৰশ্ন নাহে ৷ যদি ঠাইডোখৰ এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ উপযোগী হ’লেহেতেন তেন্তে ৰাইজৰ দলে কেতিয়াও বিৰোধিতা নকৰিলেহেতেন ৷ কিন্তু শিৱসাগৰ জিলাৰ চাৰিটা সমষ্টিৰ ভিতৰত জয়সাগৰত অৱস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এই ঠাইডোখৰ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে তথা স্বাস্থ্য সেৱাৰ বাবে আটাইতকৈ উপযোগী ঠাই ৷ চাৰিওটা সমষ্টিৰ ভিতৰত জয়সাগৰস্থিত এই অসামৰিক চিকিৎসালয়খন যাতায়তৰ ক্ষেত্ৰত আটাইতকৈ সুচল ৷ এখন মেডিকেল কলেজ স্থাপনৰ বাবে যি আন্তঃগাঁথনি লাগে, সেই আন্তঃগাঁথনি জয়সাগৰ অঞ্চলত আছে ৷

লগতে দলটোৱে কয় যে এই চিকিৎসা মহাবিদ্যালয়খন জয়সাগৰত সতী জয়মতীৰ নামত স্থাপন হ’ব লাগে ৷ জয়মতীৰ স্মৃতি বিজৰিত জেৰেঙা পথাৰতে এই চিকিৎসা মহাবিদ্যালয়খন স্থাপন হওক আৰু জয়মতীৰ নামেৰে এই মহাবিদ্যালয়খন নামাকৰণ হওক তাৰেই কামনা কৰো ৷ অন্যথা ৰাইজৰ দলৰ ফালৰ পৰা এই অবিৰত সংগ্ৰাম চলিয়েই থাকিব ৷ এই প্ৰতিবাদী কাৰ্যসূচী ৰাইজৰ দলে চলাই গৈ থাকিব ৷

লগতে পঢ়ক:Protest against Moran Oil India Limited : সমস্যা সমাধানৰ দাবীত মৰাণত ঠিকাদাৰৰ কৰ্মবিৰতি

ABOUT THE AUTHOR

...view details