অসম

assam

Public Protest in Amguri: আমগুৰিত ৰে’ল বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

By

Published : Aug 2, 2023, 9:49 AM IST

আমগুৰিত ৰে’ল বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ ৰে’ল বিভাগে উন্মুক্ত ৰে’ল ক্ৰছিং বন্ধ কৰাত স্থানীয় লোকে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Public Protest in Amguri
আমগুৰিত ৰে’ল বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

আমগুৰিত ৰে’ল বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

আমগুৰি,0২ আগষ্ট:আমগুৰিত ৰে’ল বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ ৰে’ল বিভাগে উন্মুক্ত ৰে’ল ক্ৰছিং বন্ধ কৰাত স্থানীয় লোকে সাব্যস্ত কৰে প্ৰতিবাদ ৷ জানিব পৰা মতে দোপদৰ মৌজাৰ বৰাহীবাৰী পঞ্চায়তৰ অন্তৰ্গত বাউলি পুখুৰী চাৰিআলিৰ পৰা বচাশয়েক ডিব্ৰুৱাল গাঁৱৰ সংযোগী পথৰ মাজত আছে এটা উন্মুক্ত ৰে’ল ক্ৰছিং ৷ উক্ত পথেৰে আমগুৰিৰ বৰাহীবাৰী, বৰশয়ক, বছাশয়ক, বাউলীপুখুৰী, শেনচোৱা আদিকে কৰি কেইবাখনো গাঁৱৰ লোকৰ বাবে যাতায়তৰ এক সুচল পথ আছিল ৷

কিন্তু ৰে’ল বিভাগে উক্ত পথত থকা ক্ৰছিঙত পকী খুটা পেলাই বন্ধ কৰাত ক্ষোভ উজাৰে ৰাইজে ৷ ৰে’ল বিভাগৰ মইমতালি নচলিব, ৰে’ল বিভাগ হায় হায় আদি শ্ল’গানেৰে উত্তপ্ত কৰি তোলে ৰাইজে ৷ স্কুল-কলেজ লগতে বেপাৰ-বাণিজ্য, অফিচ-কাছাৰী লৈ অহা যোৱা কৰা একমাত্ৰ পথ বন্ধ কৰাত বৰাহী বাৰীবাসী ৰাইজ বিপদত পৰিছে ৷ ফলত আমাক পথ মুকলি কৰি দিব লাগিবই আদি দাবী উত্থাপন কৰে ৰাইজে ৷

উল্লেখ্য যে, উক্ত পথটোত ৰে’ল বিভাগৰ কৰ্তৃপক্ষ, সাংসদ, জিলা উপায়ুক্তক এটা ক্ৰছিঙৰ বাবে ৰাইজে বিভিন্ন সময়ত আবেদন কৰি আহিছে । কিন্তু উপযুক্ত ক্ৰছিঙৰ ব্যৱস্থাৰ সলনি অৱশেষত বন্ধ কৰি দিয়ে ৰে’ল বিভাগে ৷

আনহাতে প্ৰতিবাদস্থলীত KMSS ৰ নেতা ঋতুমণি হাজৰিকাই উপস্থিত আছিল ৷ তেওঁ কয়, ‘‘যিহেতু ৰে’ল বিভাগে যোৱাকালি আকস্মিকভাৱে বাউলী পুখুৰীৰ পৰা বচাশয়েক ডিব্ৰুৱাল গাঁৱৰ মাজত থকা পথটোৰ লগতে খগেন বৰবৰুৱা পথটোত বৃহৎ বৃহৎ পকা খুটা দি বন্ধ কৰি দিয়াৰ বাবে হাহাকাৰ সৃষ্টি হ’ব লগা পৰিস্থিতি হৈছে । নামতিত এটা ক্ৰছিং আৰু বৰাহী বাৰী মেহগড় আলিৰ ওপৰত এটা ক্ৰছিং আছে । মাজত প্রায় ৭ কিঃমি দূৰত্বলৈকে কোনো ক্ৰছিং নাই ৷ সেয়েহে মাজত থকা প্ৰায় ২৫ খন গাঁৱৰ লোকে পাঁচ ছয় কিলোমিটাৰ খোজ কাঢ়ি গৈ নামতি ক্ৰছিং বা মেহগড় আলিৰ ওপৰত থকা ক্ৰছিঙেৰে অহা যোৱা কৰাটো সম্ভৱ নহয় ।’’

লগতে পঢ়ক:Dhodar Ali Road : ধোদৰ আলিৰ দুৰৱস্থা; শংকিত নামতিবাসী

ABOUT THE AUTHOR

...view details