অসম

assam

আমগুৰিত জাপানীজ এনকেফেলাইটিছত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু

By

Published : Jul 9, 2022, 10:56 AM IST

এফালে বান আনফালে ভূতৰ ওপৰত দানহ পৰা দি ৰাজ্যত ক’ভিডৰ লগতে জাপানী এনকেফেলাইটিছ আৰু ডেংগুৰ আতংক । আমগুৰিত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তত হৈ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু (One minor girl died of Japanese encephalitis) ৷

One minor girl died of Japanese encephalitis at Amguri in Sivasaga
আমগুৰিত জাপানীজ এনকেফেলাইটিছত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু

আমগুৰি ৯ জুলাই:ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি (Flood in Assam) ক্ৰমাৎ উন্নত হৈছে যদিও কেবাখনো জিলা এই পৰ্যন্ত পানীৰ তলতে আছে ৷ এফালে বান আনফালে ভূতৰ ওপৰত দানহ পৰা দি ৰাজ্যত ক’ভিডৰ লগতে জাপানী এনকেফেলাইটিছ আৰু ডেংগুৰ আতংক ।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত এপ্ৰিলৰ পৰা 7 জুলাই পর্যন্ত অসমত 48 জন লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈছে (Rise in cases of Japanese encephalitis) ৷ ইয়াৰে 6 জনৰ মৃত্যু হৈছে । মৃত্যু হোৱা কেইজনৰ ভিতৰত দুজন যোৰহাটৰ, এজন লখিমপুৰৰ, এজন কামৰূপৰ আৰু এজন ধেমাজিৰ (Japanese Encephalitis Outbreak in Assam) ৷

আমগুৰিত জাপানীজ এনকেফেলাইটিছত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু

শেহতীয়াকৈ আমগুৰিত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ইতিমধ্যে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আমগুৰিত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু ঘটিছে (One minor girl died of Japanese encephalitis at Amguri) ৷ হাতীমূৰীয়া ঘৰফলীয়াৰ উমেশ নেওগৰ কন্যা আকাশী নেওগ বিগত কেবাদিনো ধৰি জ্বৰত ভুগি আছিল বুলি পৰিয়ালৰ লোকে জানিব দিয়ে ৷

পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও যদিও শনিবাৰে মৃত্যু হয় দেওধাই মজলীয়া বিদ্যালয়ৰ ছাত্ৰী আকাশীৰ ৷ ভুক্তভোগী পৰিয়ালটোৱে চিকিৎসা বিভাগক অঞ্চলটোত সজাগতামূলক প্ৰচাৰ কাৰ্য, ধোৱাৰ ব্যবস্থা আৰু স্প্ৰেৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷ আনহাতে, ৰাজ্যত পানীৰ পৰা হোৱা ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে (National Health Mission) বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এক সূত্ৰই জনায় ।

লগতে পঢ়ক:ৰাজ্যত ক’ভিড-জাপানী এনকেফেলাইটিছ-ডেংগুৰ আতংক

ABOUT THE AUTHOR

...view details