অসম

assam

No dues certificate distribution : শিৱসাগৰত ১৬,৭৮৬ মহিলাক বকেয়া শূন্যতা প্ৰমাণ পত্ৰ প্ৰদান

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 4:34 PM IST

অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি-২০২১ৰ অধীনত শিৱসাগৰত প্ৰায় ১৬,৭৮৬ গৰাকী মহিলাক বকেয়া শূন্যতা প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । বিজেপি সাংসদ তপন গগৈয়ে প্ৰদান কৰে এই প্ৰমাণ পত্ৰ ।

No dues certificate distribution
শিৱসাগৰত ১৬,৭৮৬ মহিলাক বকেয়া শূন্যতা প্ৰমাণ পত্ৰ প্ৰদান

শিৱসাগৰত ১৬,৭৮৬ মহিলাক বকেয়া শূন্যতা প্ৰমাণ পত্ৰ প্ৰদান

শিৱসাগৰ, ১৬ অক্টোবৰ :চৰকাৰৰ অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি-২০২১ৰ অধীনত শিৱসাগৰত প্ৰায় ১৬,৭৮৬ গৰাকী মহিলাক বকেয়া শূন্যতা প্ৰমাণ পত্ৰ (No Dues Certificate) প্ৰদান কৰা হয় । অনুষ্ঠানত বিজেপি সাংসদ তপন গগৈ উপস্থিত থাকি মহিলাসকলক এই প্ৰমাণ পত্ৰ প্ৰদান কৰে । শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত আয়োজিত এক অনুষ্ঠানত মহিলাসকলক সাংসদগৰাকীয়ে বকেয়া শূন্যতা প্ৰমাণ পত্ৰ প্ৰদান কৰে ।

উল্লেখ্য যে বিভিন্ন সংস্থাৰ পৰা ঋণ লোৱা মহিলাসকলক উদগনি তথা সকাহ প্ৰদান কৰিবলৈ ২০২১ চনত ৰাজ্য চৰকাৰে অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি আৰম্ভ কৰিছিল । এই আঁচনিৰ অধীনত ২০২১ চনৰ ৩১ মার্চলৈকে যি সকল ঋণীৰ একাউণ্ট এনপিএ হৈ আছে তেওঁলোকক এই আঁচনিখনে তৃতীয় পৰ্যায়ৰ অধীনত সকাহ প্ৰদান কৰিছে । এই আঁচনিয়ে ২৫,০০০ টকালৈকে অনাদায় মূলধন পৰিমাণৰ NPA একাউণ্ট থকা ঋণীসকলক অগ্ৰাধিকাৰ প্ৰদান কৰিছে ।

সমগ্ৰ ৰাজ্যতে তৃতীয় পৰ্যায়ত ৩০০ কোটি টকা চৰকাৰী ৰাজসাহায্য এই আঁচনিৰ অধীনত ২.২২ লাখ ঋণীয়ে লাভ কৰিছে । আর্থিকভাৱে পিছপৰা মাইক্ৰ'ফাইনেন্স ঋণীসকলৰ পৰা চৰকাৰে এক বৃহৎ পৰিমাণৰ আর্থিক বোজা এই আঁচনিৰ জৰিয়তে দূৰ কৰিছে আৰু ইয়াৰ দ্বাৰা তেওঁলোক পুনৰ ঋণ ল'ব পৰাকৈ যোগ্য হৈ উঠিব বুলিও অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ তপন গগৈয়ে জানিবলৈ দিয়ে । এই অনুষ্ঠানত শিৱসাগৰৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী দলে, শিৱসাগৰ পৌৰ সভাৰ পৌৰপতি মৃণালী কোঁৱৰ আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :Ajanta Neog in Jorhat : মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালন কৰি গৈছে: অজন্তা নেওগ

ABOUT THE AUTHOR

...view details