অসম

assam

মৃত্যু দিৱসত ৰাণা দালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি 'নতুন অৰুণোদয়' গোষ্ঠীৰ

By

Published : Oct 16, 2019, 3:55 AM IST

ৰাজ্যজুৰি দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু তিথিত সশ্ৰদ্ধ সোঁৱৰণ ৷ "সোৱৰণী কুঁৱলীত ৰাণাদাৰ গান" শীৰ্ষক অনুষ্ঠানেৰে শিৱসাগৰৰ সাংস্কৃতিক অনুষ্ঠান 'নতুন অৰুণোদয়'ৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী পালন ৷

মৃত্যু দিৱসত ৰাণা দালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি

শিৱসাগৰ, 15 অক্টোবৰঃ ৰাজ্যজুৰি দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু তিথিত সশ্ৰদ্ধ সোঁৱৰণ ৷ "সোৱৰণী কুঁৱলীত ৰাণাদাৰ গান" শীৰ্ষক অনুষ্ঠানেৰে শিৱসাগৰৰ সাংস্কৃতিক অনুষ্ঠান 'নতুন অৰুণোদয়'ৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী পালন ৷ ৰাণাদাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি মঙলবাৰে সন্ধিয়া শিৱসাগৰ নাট্য মন্দিৰ প্ৰাঙ্গনত আয়োজিত অনুষ্ঠানত নতুন অৰুণোদয়'ৰ সভাপতি পৰেশ বৰা আৰু সৌৰভ চলিহাই ৰাণা দাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ৷ নিবন্ধকাৰ পাৰ্থ প্ৰদীপ বৰাই আঁত ধৰা অনুষ্ঠানটোত জয়ন্ত দত্ত, হৃষিকেশ শইকীয়াকে ধৰি ভালেসংখ্যক শিল্পীয়ে ৰাণাদাৰ গীতসমূহ পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে । শিৱসাগৰৰ অডিঅ' চিটিৰ কণ কণ শিশুসকলেও ৰাণাদাৰ কালজয়ী গীতসমূহ পৰিবেশন কৰি আপ্লুত কৰে সকলোকে ৷

মৃত্যু দিৱসত ৰাণা দালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details