অসম

assam

উন্মুক্ত চালিৰে আকাশ চাব পৰা ৰাজ্যৰ এটা অংগনৱাড়ী কেন্দ্ৰ

By

Published : Jun 14, 2022, 9:25 PM IST

ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ এখন পুতৌলগা ছবি ৷ পুনৰবাৰ বিভাগটোৰ স্বৰূপ উদঙাইছে ৰাজ্যৰ এটা অংগনৱাড়ী কেন্দ্ৰই ৷ হয়, এই অংগনৱাড়ী কেন্দ্ৰটোৰ ওপৰৰ অংশত আছে ফুটা টিংপাত আৰু উন্মুক্ত চালি (Distressed condition of Anganwadi Centre) ৷ পিছে ক’ত আছে এই কেন্দ্ৰটো ৷ সবিশেষ এই প্ৰতিবেদনত...

Distressed condition of Anganwadi Centre of Social Welfare Department in Amguri
উন্মুক্ত চালিৰে আকাশ চাব পৰা ৰাজ্যৰ এটা অংগনৱাড়ী কেন্দ্ৰ

আমগুৰি, 14 জুন :এটা পঢ়া কোঠালি ৷ কোঠালিটোৰ ভিতৰত কেইবাটাও শিশু ৷ শিশু কেইটিয়ে শিকিছে জীৱনৰ আদিপাঠ ৷ কিন্তু শিশুকেইটিয়ে কেনেদৰে শিকিছে জীৱনৰ আদিপাঠ, সেয়া শুনিলে আপোনাৰ চকু কঁপালত উঠিব ৷ এতিয়া শুনক কোঠালিটোৰ বৰ্ণনা ৷

কোঠালিটোৰ ওপৰত ফুটা টিংপাত আৰু উন্মুক্ত চালি ৷ কোঠালিটোৰ ভিতৰত এক অস্বাস্থ্যকৰ পৰিৱেশ ৷ এই পুতৌলগা পঢ়া কোঠালিটো হৈছে শিৱসাগৰ জিলাৰ আমগুৰিৰ সমাজ কল্যাণ বিভাগৰ ৷ আমগুৰি সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত বৰবাম চাহ-বাগিচাৰ হাস্পতাল লাইনৰ 84 নং অংগনৱাড়ী কেন্দ্ৰৰ এই দৃশ্যই উদঙাইছে বিভাগটোৰ ফোপোলা স্বৰূপ (Distressed condition of Anganwadi Centre of Social Welfare Department) ৷

উন্মুক্ত চালিৰে আকাশ চাব পৰা ৰাজ্যৰ এটা অংগনৱাড়ী কেন্দ্ৰ

যোৱা প্ৰায় এটা বছৰৰ আগে অংগনৱাড়ী কেন্দ্ৰটোৰ টিংবিলাক ভাঙি পৰিছে ।

ফলত কণ কণ শিশুসকলৰ অধ্যয়ন কোঠাৰে দেখি থাকে আকাশ ৷ বৰষুণত পানী আৰু ৰ'দত দেই পুৰি যোৱা এই অংগনৱাড়ী কেন্দ্ৰটোৰ জৰাজীৰ্ণ অৱস্থাই শিশুসকলৰ শিক্ষা গ্ৰহণত এতিয়া ব্যাঘাত জন্মাইছে (Disrupting children education) ৷ উপায়ন্তৰ হৈ ৰান্ধনীশালতে 15-20 টা শিশুক অস্বাস্থ্যকৰভাৱে হ’লেও যোৱা প্ৰায় ছটা মাহে পাঠদান কৰি আহিছে অংগনৱাড়ী কৰ্মী তথা সহায়িকাগৰাকীয়ে ৷

উন্মুক্ত চালিৰে আকাশ চাব পৰা ৰাজ্যৰ এটা অংগনৱাড়ী কেন্দ্ৰ

উল্লেখ্য যে, এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষৰ চকুত নপৰা এই অংগনৱাড়ী কেন্দ্ৰটো শীঘ্ৰে মেৰামতি নকৰিলে যিকোনো সময়ত যিকোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱাৰো আশংকা প্ৰকট হৈ উঠিছে ৷ সেয়ে এই অংগনৱাড়ী কেন্দ্ৰটো মেৰামতি কৰিবলৈ ৰাজ্যৰ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৷

যি সময়ত ৰাজ্যৰ সমাজ কল্যাণ বিভাগে কণ-কণ শিশুসকলৰ শৈক্ষিক দিশৰ উন্নয়নৰ কাৰণে মডেল অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিছে, তেনে সময়তে আমগুৰিৰ বৰবামৰ 84 নং অংগনৱাড়ী কেন্দ্ৰৰ দুখলগা এই দৃশ্যই বিভাগটোৰ ফোপোলা স্বৰূপ উদঙাইছে । অৱশ্যে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : মুৱামাৰি আদৰ্শ চিকিৎসালয়ৰ বিধ্বস্ত ৰূপ: চিকিৎসালয়ত চিকিৎসক নথকাৰ অভিযোগ

ABOUT THE AUTHOR

...view details