অসম

assam

শিৱসাগৰত আৰক্ষীৰ জিম্মাত বাইক চোৰৰ মৃত্যু

By

Published : Sep 28, 2022, 9:11 AM IST

Updated : Sep 28, 2022, 9:44 AM IST

Bike lifter dies in Gaurisagar police custody in Sivasagar
শিৱসাগৰত আৰক্ষীৰ জিম্মাত বাইক চোৰৰ মৃত্যু

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাত আৰক্ষীৰ জিম্মাত বাইক চোৰৰ মৃত্যু (Bike lifter dies in Gaurisagar police custody) ৷ যাৰ ফলত বুধবাৰে পুৱা গৌৰীসাগৰ আৰক্ষী থানাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Tense situation at Gaurisagar police station)

  • শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাত আৰক্ষীৰ জিম্মাত বাইক চোৰৰ মৃত্যু (Bike lifter dies in Gaurisagar police custody)
  • গৌৰীসাগৰ আৰক্ষী থানাৰ (Gaurisagar police station) সমীপত মঙলবাৰে বিয়লি পুতুল দাস নামৰ এজন ব্যক্তিৰ এখন বাইক চুৰি হৈছিল
  • নিশাই গৌৰীসাগৰ আৰক্ষীয়ে চি চি টি ভি ফুটেজৰ আধাৰত বাবু গোৱালা নামৰ বাইক চোৰটোক গ্ৰেপ্তাৰ কৰিছিল
  • গ্ৰেপ্তাৰ হোৱাৰ পিছত নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল বাইক চোৰটোৱে
  • পলায়নৰ চেষ্টা কৰোতেই থানাৰ কাষতে থকা গৌৰীসাগৰ বৰপুখুৰীত পৰি যায় চোৰটো
  • লগে লগে বাইক চোৰটোক আৰক্ষীয়ে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায়
  • চিকিৎসালয় চিকিৎসকে মৃত ঘোষণা কৰে বাইক চোৰ বাবু গোৱালাক
  • যাৰ পৰিপেক্ষিতত বুধবাৰে পুৱা গৌৰীসাগৰ আৰক্ষী থানাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Tense situation at Gaurisagar police station)
শিৱসাগৰত আৰক্ষীৰ জিম্মাত বাইক চোৰৰ মৃত্যু
  • পৰিয়ালৰ লোকে বাবু গোৱালাৰ মৃত্যুৰ প্ৰকৃত কাৰণ বিচাৰি গৌৰীসাগৰ আৰক্ষী থানা চৌহদ উত্তপ্ত কৰি তোলে
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হয় অধিক আৰক্ষীৰ লোক
  • লগতে গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিত বৰঠাকুৰক তৎকালীনভাৱে নিলম্বন কৰা হয়
Last Updated :Sep 28, 2022, 9:44 AM IST

ABOUT THE AUTHOR

...view details