অসম

assam

নলবাৰীৰ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত জয়ন্ত মল্ল বৰুৱা

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 3:41 PM IST

নলবাৰীৰ ঘগ্ৰাপাৰতো অনুষ্ঠিত হয় বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী । হৰিমন্দিৰ বাকৰিত অনুষ্ঠিত হয় উক্ত কাৰ্যসূচী । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত উক্ত কাৰ্যসূচী অনুষ্ঠিত হয় ৷

Viksit Bharat Sankalp Yatra
বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত জয়ন্ত মল্ল বৰুৱা

বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত জয়ন্ত মল্ল বৰুৱা

নলবাৰী, 14 ডিচেম্বৰ : বৃহস্পতিবাৰে নলবাৰী বিধানসভা সমষ্টিৰ ঘগ্ৰাপাৰত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় বিকশিত ভাৰত সংকল্প যাত্ৰা । নলবাৰীৰ ঘগ্ৰাপাৰৰ হৰিমন্দিৰৰ বাকৰিত অনুষ্ঠিত হয় উক্ত কাৰ্যসূচী । স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত অনুষ্ঠিত হয় বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত বৰ্ণালী ডেকা, জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰকে ধৰি বহু চৰকাৰী বিষয়া আৰু বিজেপি দলৰ নেতা-কৰ্মী । উক্ত অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেবাটাও প্ৰসংগত প্ৰতিক্ৰিয়া আগবঢ়ায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

নগাঁৱত সাংসদ গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিলে বিজেপিৰ ৰণকৌশল কি হ’ব বুলি কৰা প্ৰশ্নোত্তৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘ য’ত বাংলাদেশী মিঞা ভোট নাই, তাত কংগ্ৰেছ দলে ইলেকচন খেলিবলৈ সাহস কৰিব বুলি নাভাবো ৷ য'ত বাংলাদেশী মিঞা ভোট আছে তাত সুৰক্ষিত আসন বুলি বিচাৰি ফুৰিছে কংগ্ৰেছে ।’’

বাংলাদেশী মিঞাৰ ভোট নথকা সমষ্টিত কংগ্ৰেছে নিৰ্বাচন খেলিবলৈ নাহে বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ আনহাতে তিনি সমষ্টিত এ আই ইউ ডি এফে অকলশৰে প্ৰাৰ্থিত্ব প্ৰদান কৰি নিৰ্বাচন খেলিলে বিজেপিয়ে কেনেদৰে ভেটিব বুলি সোধা সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কয় যে উক্ত সমষ্টি কেইটাত কংগ্ৰেছ, এজেপি, ৰাইজৰ দল, এ আই ইউ ডি এফ সকলোৰে নিৰ্বাচন খেলাৰ মন ৷ 2024ৰ লোকসভা নিৰ্বাচনত বাকী সমষ্টিত তেওঁলোকে নিৰ্বাচন খেলাৰ সাহস নাই বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

ইপিনে মিত্ৰ দল অগপ আৰু ইউ পি পি এলৰে একেলগে ১৪ টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব বুলি সদৰী কৰে মন্ত্ৰী বৰুৱাই । একেলগে মিত্ৰতাৰে প্ৰাৰ্থিত্ব প্ৰদান কৰি ’২৪ ৰ নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ । আনহাতে আসন বুজাবুজি নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততহে আলোচনা কৰিব বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

লগতে পঢ়ক :ক্ষতিগ্ৰস্তসকলৰ বাবে তাৎক্ষণিকভাৱে ২৫ হাজাৰ টকাকৈ সাহায্যৰ ব্যৱস্থা কৰক চৰকাৰে: দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details