অসম

assam

ULFA 44th Foundation Day: শান্তি আলোচনাৰ পথ প্ৰশস্ত হ’লেই ভংগ হ’ব আলফা; অনুপ চেতিয়াৰ ইংগিত

By

Published : Apr 7, 2023, 10:19 PM IST

নলবাৰীত আলফাৰ 44 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন ৷ অনুষ্ঠানত ভাষণ দি শান্তি আলোচনাৰ বাট মুকলি হ’লে আলফা ভংগৰ ইংগিত প্ৰদান কৰিলে অনুপ চেতিয়াই (ULFA 44th Foundation Day) ৷

ULFA 44th Foundation Day observed In Nalbari
সংযুক্ত মুক্তি বাহিনী অসম ভংগ কৰিবলৈ তৎপৰ আলোচনাপন্থী আলফা গোট

সংযুক্ত মুক্তি বাহিনী অসম ভংগ কৰিবলৈ তৎপৰ আলোচনাপন্থী আলফা গোট

নলবাৰী, ৭ এপ্ৰিল: আজি সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস (ULFA 44 th Foundation Day observed) । ১৯৭৯ চনৰ আজিৰ দিনটোতেই (৭ এপ্ৰিল) তাৰিখে জন্ম হৈছিল সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফাৰ । শুকুৰবাৰে আলোচনাপন্থী আলফাই কেন্দ্ৰীয়ভাৱে নলবাৰী জিলাৰ টিহুৰ নৱ-নিৰ্মাণ কেন্দ্ৰত ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে (44 th Foundation Day observed at Tihu)। এই অনুষ্ঠানত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিচত শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক অনুপ চেতিয়াই ।

ইয়াৰ পিচতে বৈদেশিক সচিব শশধৰ চৌধুৰী, উপ মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, উপ-সভাপতি প্ৰদীপ গগৈ, বিত্ত সম্পাদক চিত্ৰবন হাজৰিকা, প্ৰচাৰ সচিব মিথিংগা দৈমাৰী, সাংস্কৃতিক সম্পদিকা প্ৰণতি ডেকাসহ নেতৃবৃন্দই শ্বহীদ বেদীত পুষ্পাঞ্জলি প্ৰদান কৰে । আলফা নেতা দেৰহাগ্ৰা শৰণীয়াই আঁতধৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীসমূহ বিজু ডেকা আৰু মুকুল পাঠকে নেতৃত্ব দিয়ে । প্ৰতিষ্ঠা দিৱসত অংশ লৈ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সম্পাদক অনুপ চেতিয়াই কেন্দ্ৰীয় চৰকাৰৰ লগত আলফাৰ শান্তি চুক্তি চূড়ান্ত পৰ্যায় পোৱা বুলি উল্লেখ কৰি কেবল স্বাক্ষৰ হ'বলৈ বাকী আছে বুলি জানিবলৈ দিয়ে ।

অনুপ চেতিয়াই কয় যে, "আমি আশা কৰিছিলো 44 তম প্ৰতিষ্ঠা দিৱসৰ পূৰ্বেই ভাৰত চৰকাৰৰ সৈতে চলি থকা আলোচনা প্ৰক্ৰিয়া অন্ত পৰিব ৷ আমি এইবাৰ 44 তম প্ৰতিষ্ঠা কৰিব লগা নহ’ব বুলি ভাবিছিলো ৷ যিহেতু আলোচনা প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিচতেই সংযুক্ত মুক্তি বাহিনী অসম ভংগ হ’ব ৷ আমি আশাবাদী যে 45 তম প্ৰতিষ্ঠা দিৱস আয়োজনৰ পূৰ্বেই ভাৰত চৰকাৰে আমাৰ লগত চুক্তি কৰি সমস্যাৰ সমাধান কৰে ৷" (Anup Chetia on ULFA peace talk)

লগতে চেতিয়াই আলফাৰ শ্বহীদ পৰিয়ালসমূহকো সুবিধা দিব নোৱাৰা বুলি দুখ প্ৰকাশ কৰে আলফাৰ সম্পাদক অনুপ চেতিয়াই । একেদৰে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই (Arbinda Rajkhowa on Ulfa peace talk) চৰকাৰৰ সৈতে আলোচনা প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনাৰ চূড়ান্ত পৰ্যায় পোৱা বুলি মত ব্যক্ত কৰে ।

শেহতীয়াকৈ ৰাজ্যজুৰি আলফা স্বাধীনৰ সৈতে চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়াক চৰ্চা অব্যাহত আছে (ULFA Government peace talk) ৷ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদমাধ্যমৰ জৰিয়তে আলোচনা আৰু বুজাবুজিৰ মাজেৰে সমাধান কৰিবলৈ মুকলি প্ৰস্তাৱ আগবঢ়াই ৰাইজক এই সন্দৰ্ভত মতামত আগবঢ়াবলৈ আহ্বান জনাইছিল ৷

পৰেশ বৰুৱাই উল্লেখ কৰিছিল যে, আলফা স্বাধীনৰ মূল দাবী সাৰ্বভৌমত্বৰ বিষয়ত আলোচনা হ’লেহে তেওঁ আলোচনাৰ মেজলৈ আহিবলৈ মান্তি হ’ব (ULFA chief Paresh Baruah demands sovereignty)৷ সেইবাবে অসমৰ জনতাক সাৰ্বভৌমত্ব লাগে নে নালাগে নিৰ্ণয় কৰিবলৈ গণভোট কৰিবলৈও সংবাদমাধ্যমৰ জৰিয়তে আহ্বান জনাইছিল মুখ্য সেনাধ্যক্ষগৰাকীয়ে ৷

তাৰ পিচতে বিষয়টোৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফাৰ সাৰ্বভৌমত্বৰ দাবীৰ বিষয়ত আলোচনা কৰাটো সম্ভৱ নহয় একেমুখে নস্যাৎ কৰিছিল ৷ তাৰ পিচৰেপৰাই পুনৰ নিতাল মাৰিছিল আলোচনা বিষয় ৷

লগতে পঢ়ক:Protest in Tinsukia: মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details