অসম

assam

নলবাৰীৰ শুশ্ৰূষা হাস্পতালত এগৰাকী অধ্যাপিকাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

By

Published : Aug 27, 2022, 8:14 AM IST

Updated : Aug 27, 2022, 10:01 AM IST

নলবাৰীত একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ দৌৰাত্ম ৷ চিকিৎসকৰ ভুলৰ বাবে এগৰাকী অধ্যাপিকাৰ আকষ্মিক বিয়োগৰ অভিযোগ ৷ স্বামীৰ অভিযোগ মতে হাস্পতালখনৰ চিকিৎসক ডাঃ জয়ন্ত দাসৰ ভুল চিকিৎসাৰ বাবেই মৃত্যু হৈছে পত্নী ৰুমী কাকতিৰ ৷ এই লৈ নিশা উত্তপ্ত পৰিস্তিতিৰ সৃষ্টি হয় নলবাৰীৰ শুশ্ৰূষা হাস্পতালত ৷

tense-situation-surrounding-at-sushrasha-hospital-death-of-a-professor-in-nalbari
নলবাৰীৰ শুশ্ৰূষা হাস্পতালত এগৰাকী অধ্যাপিকাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

নলবাৰী, ২৭ আগষ্ট: ৰাজ্যত বৃদ্ধি পাইছে একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ অতপালি ৷ এনে চিকিৎসালয়ৰ হেমাহিৰ বাবেই প্ৰায়ে ৰোগীৰ জীৱনলৈ নামি আহে ভাবুকি ৷ সাধাৰণতে উন্নত চিকিৎসাৰ বাবে ৰোগীক ভৰ্তি কৰোৱা হয় ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত (Death of a professor in Nalbari) ৷ কিন্তু সঁচাকৈ উন্নত হয় নে একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থা ৷

শেহতীয়াকৈ, নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এগৰাকী ৰোগীৰ আকষ্মিক মৃত্যুৰ ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে, কেৱল ধন ঘটাৰ বাবেহে যেন এচামে চলাই গৈছে এইসমূহ চিকিৎসালয় ৷ এগৰাকী অধ্যাপিকাৰ আকষ্মিক মৃত্যুক লৈ নলবাৰীৰ ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়ত শুকুৰবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । শুশ্ৰূষা হাস্পতাল নামৰ ব্যক্তিগত চিকিৎসালয়খনত ডাক্তৰৰ ভুল চিকিৎসাৰ বলি হৈ এগৰাকী গৰ্ভৱতী মহিলা অধ্যাপিকাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । অধ্যাপিকাগৰাকীৰ আকষ্মিক বিয়োগক লৈ হাস্পতালৰ চৌহদত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে পৰিয়ালৰ লোকে (Tense situation surrounding at sushrasha hospital)।

নলবাৰীৰ শুশ্ৰূষা হাস্পতালত এগৰাকী অধ্যাপিকাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড৹ ৰুমী কাকতিৰ মৃত্যুক লৈ এই উত্তেজনা । স্বামী তথা আত্মীয়ৰ অভিযোগ মতে, হাস্পতালখনৰ চিকিৎসক ডাঃ জয়ন্ত দাসৰ ভুল চিকিৎসাৰ বাবে অধ্যাপিকা ৰুমী কাকতিয়ে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয় । শুকুৰবাৰে সন্ধিয়াৰ ভাগত অধ্যাপিকাগৰাকীৰ স্বাস্থ্যৰ কিছু অৱনতি হোৱাত চিকিৎসকে অতি হেমাহিৰে চিকিৎসা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্বামী জয়ন্ত কলিতাই ।

চিকিৎসকে চাই যোৱাৰ এক মিনিট পাছতেই অধ্যাপিকাগৰাকীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শুশ্ৰূষা হাস্পতালত । পিছত ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।

ইফালে আৰক্ষী উপস্থিত হৈ হাস্পতাল কৰ্তৃপক্ষক ৰক্ষনা-বেক্ষন দিয়াৰ অভিযোগ উত্থাপন কৰে মৃত মহিলাগৰাকীৰ স্বামীয়ে । আনহাতে, সংবাদ মাধ্যমৰ আগত এই সকলো অভিযোগ নস্যাৎ কৰিছে চিকিৎসক ডাঃ জয়ন্ত দাসে ৷

লগতে পঢ়ক:চিকিৎসা সেৱাৰ নামত ধন লুটাৰ দৌৰাত্ম নগাঁৱত

Last Updated : Aug 27, 2022, 10:01 AM IST

ABOUT THE AUTHOR

...view details