নলবাৰী, ৩১ জুলাই: নলবাৰীত আঙুৰলতা ডেকাৰ বিৰুদ্ধে অংকিতা দত্তৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ এজাহাৰ দাখিল(FIR against Angoorlata Deka) ৷ নলবাৰী সদৰ থানাৰ সন্মুখতে জ্বলিল বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ পুত্তলিকা (Angoorlata Deka effigy burn in Nalbari) । নলবাৰীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেতৃত্বত প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ ৷
উল্লেখযোগ্য যে দুদিন পূৰ্বে আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা এক সমদলত আহোম জাতি মূৰ্দাবাদ ধ্বনি(Ahom Jaati Murdabad slogan) দিয়াৰ অভিযোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত দল-সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ । আজি সন্ধিয়া নলবাৰী চহৰৰ মাজ মজিয়াৰ নলবাৰী সদৰ থানাৰ সন্মুখত আঙুৰলতা ডেকাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে । লগতে আঙুৰলতা ডেকাৰ বিৰুদ্ধে অংকিতা দত্তৰ(Assam Pradesh Youth Congress president Angkita Dutta) নেতৃত্বত যুৱ কংগ্ৰেছৰ কৰ্মীসকলে নলবাৰী আৰক্ষী থানাত(Nalbari police station) এক এজাহাৰ দাখিল কৰে ।