অসম

assam

Cattle Smuggling: কলিয়াবৰত গৰুভৰ্তি বাহনসহ চাৰিজনক আটক

By

Published : Jun 1, 2022, 10:52 PM IST

কলিয়াবৰত জব্দ 30 টাৰো অধিক চোৰাংভাৱে সৰবৰাহ কৰিবলৈ অনা গৰু ৷ আটক চাৰি সৰবৰাহকাৰী(Illegal Cattle Smuggling at Kaliabor) ৷ গৰু সৰবৰাহৰ সৈতে একাংশ নিৰাপত্তাৰক্ষী, অজ্ঞাত সংগঠন আৰু একাংশ সংবাদকৰ্মী জড়িত থকাৰ অভিযোগ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ৷

Truck full of Cattle seized at Kaliabor
Cattle Smuggling: কলিয়াবৰত গৰুভৰ্তি বাহনসহ চাৰিজনক আটক

কলিয়াবৰ, 1 জুন :অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে পুৰ্বতকৈ অধিক কঠোৰ বৰ্তমানৰ আৰক্ষীকে ধৰি সম্পূৰ্ণ প্ৰশাসন ব্যৱস্থা ৷ আৰক্ষী তথা প্ৰশাসন কঠোৰ হ’লেও তাৰ মাজতে ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ (Illegal Cattle Smuggling in Assam)। এইবাৰ কলিয়াবৰত জব্দ কৰা হ'ল চোৰাংভাৱে সৰবৰাহ কৰিবলৈ অনা ৩০ টাৰো অধিক গৰু ৷

Cattle Smuggling: কলিয়াবৰত গৰুভৰ্তি বাহনসহ চাৰিজনক আটক

তথ্য অনুসৰি, গৰুৰ চোৰাং সৰবৰাহৰ সন্দৰ্ভত তথ্য লাভ কৰিছিল আৰক্ষীয়ে আৰু সেই তথ্যৰ ভিত্তিতেই উলুৱনি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে দুখন গৰুভৰ্তি ট্ৰাক (Truck full of Cattle seized at Kaliabor) ৷ জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ হৈছে AS 04-BC-0211 আৰু AS-01-LC-1679 ৷ জব্দকৃত ট্ৰাক দুখনৰ পৰা ৩০ টাৰো অধিক গৰু জব্দ কৰাৰ লগতে আটক কৰে চাৰিজন সৰবৰাহকাৰীক ৷ ধৃত চাৰি গৰু সৰবৰাহকাৰী ক্ৰমে জখলাবন্ধাৰ বৰদলঙৰ ৰফিকুল আলী, নিজামুদ্দিন আৰু কঁহৰাৰ প্ৰেম ছেত্ৰী, ৰফিক আলি(Four arrested for illegal Cattle Smuggling) ৷

Cattle Smuggling: কলিয়াবৰত গৰুভৰ্তি বাহনসহ চাৰিজনক আটক

আনহাতে, কলিয়াভোমোৰা দলঙৰ একাংশ নিৰাপত্তাৰক্ষী, অজ্ঞাত সংগঠন আৰু একাংশ সংবাদকৰ্মী চোৰাংভাৱে হৈ অহা গৰুৰ এই সৰবৰাহৰ সৈতে জড়িত থকা বুলি উল্লেখ কৰিছে উলুৱনী আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱ কুমাৰ দাসে ।

কোনো অজ্ঞাত সংগঠন আৰু একাংশ সংবাদকৰ্মীয়ে মিলি ৩০ হাজাৰ টকাত মেনেজ হোৱাৰ বিপৰীতে দলঙৰ একাংশ নিৰাপত্তাৰক্ষীয়ে ১০ হাজাৰ টকাৰ বিনিময়ত গৰুৰ এই সৰবৰাহ মেনেজ কৰি অহাৰ অভিযোগ উত্থাপন কৰিলে আৰক্ষী বিষয়াগৰাকীয়ে । সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :ৰহাৰ টোলগেটত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক, আটক 2

ABOUT THE AUTHOR

...view details