ETV Bharat / state

ৰহাৰ টোলগেটত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক, আটক 2

author img

By

Published : Apr 28, 2022, 1:08 PM IST

Illegal Cattle Smuggling in Assam
ৰহাৰ টোলগেটত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক, আটক 2

ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ এখন ট্ৰাক সহ 18 টা চোৰাংভাৱে সৰবৰাহ কৰিবলৈ অনা গৰু (Illegal Cattle Smuggling in Assam) ৷ লগতে আটক জব্দ কৃত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ৷

ৰহা, 28 এপ্ৰিল : ৰাজ্যত কঠোৰ হৈছে আৰক্ষী প্ৰশাসন ৷ অসম আৰক্ষী তথা প্ৰশাসন কঠোৰ হ’লেও তাৰ মাজতে ৰাজ্যত অব্যাহত আছে অবৈধ গৰু সৰবৰাহ (Illegal Cattle Smuggling in Assam) । এইবাৰ ৰহাত জব্দ কৰা হৈছে অবৈধভাৱে সৰবৰাহ কৰিবলৈ অনা 18 টা গৰু ৷

তথ্য অনুসৰি, ৰহা আৰক্ষীয়ে অবৈধ গৰু চোৰাং সৰবৰাহৰ সন্দৰ্ভত লাভ কৰিছিল এক খবৰ ৷ এই গোপন খবৰৰ ভিত্তিতেই ৰহা আৰক্ষীয়ে বুধবাৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথত চলাই এক অভিযান ৷ এই অভিযানত ৰহা আৰক্ষীয়ে ৰহাৰ টোলগেটত জব্দ কৰে চোৰাং গৰু ভৰ্তি ট্ৰাকখন (A truck full of Cattle seized at Raha) ৷

ৰহাৰ টোলগেটত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক, আটক 2

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক । জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে AS 02 BC 3142 । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷ আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো কথা পোহৰলৈ আহিব ৷

লগতে পঢ়ক : কাঞ্চনজংঘা এক্সপ্ৰেছৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.