ETV Bharat / bharat

কাঞ্চনজংঘা এক্সপ্ৰেছৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী

author img

By

Published : Apr 27, 2022, 6:25 PM IST

পশ্চিমবংগৰ শিয়ালদাহৰ পৰা আগৰতলা অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছত জব্দ বৃহৎ পৰিমাণৰ ফেন্সিডাইল(Huge cache of contrabands seized from Kanchanjunga Expres) ৷ ত্ৰিপুৰা আৰক্ষীয়ে আগৰতলা ৰে'লৱে সুৰক্ষা বলৰ সহযোগত জব্দ কৰে ফেন্সিডাইলখিনি । অভিযানৰ সময়ত উদ্ধাৰ প্ৰায় ১৬ কাৰ্টন ফেন্সিডাইল ৷

Tripura Police seized huge cache of contrabands from Kanchanjunga Express in Agartala
কাঞ্চনজংঘা এক্সপ্ৰেছৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী

আগৰতলা, 27 এপ্ৰিল : আগৰতলা ৰে'ল ষ্টেচনত ত্ৰিপুৰা আৰক্ষীয়ে সোমবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ ফেন্সিডাইল জব্দ কৰিবলৈ সক্ষম হয় (Tripura Police seized a huge consignment of Phensedyl) । ত্ৰিপুৰা আৰক্ষীয়ে আগৰতলা ৰে'লৱে সুৰক্ষা বলৰ লগত যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে ফেন্সিডাইলখিনি । পশ্চিমবংগৰ শিয়ালদাহৰ পৰা আগৰতলা অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছত কঢ়িয়াই অনা হৈছিল জব্দকৃত ফেন্সিডাইলখিনি (Phensedyl recovered from Kanchanjunga Expres)।

আগৰতলা জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত সেনে জানিবলৈ দিয়া অনুসৰি, ত্ৰিপুৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা বৃহৎ পৰিমাণৰ ফেন্সিডাইলখিনি সৰবৰাহৰ তথ্য লাভ কৰি আগৰতলা জিআৰপিৰ লগত যোগাযোগ কৰে ৷ ত্ৰিপুৰা আৰক্ষীৰ তথ্যৰ ভিত্তিত আগৰতলা জিআৰপিয়ে যুটীয়াভাৱে শিয়ালদাহৰ পৰা আগৰতলা অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছত অভিযান চলাই কফ চিৰাপৰ বটলখিনি জব্দ কৰে(Phensedyl seized from Kanchanjunga Express in Tripura) ৷

আগৰতলা জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত সেন

ত্ৰিপুৰা আৰক্ষী আৰু আগৰতলা ৰে'লৱে সুৰক্ষা বলৰ যুটীয়া দলটোৱে অভিযানৰ সময়ত প্ৰায় ১৬ কাৰ্টন ফেন্সিডাইল জব্দ কৰে(Phensedyl seized from Agartala Railway station) ৷ কাৰ্টনখিনিৰ ভিতৰত প্ৰায় চাৰি হাজাৰ কফ চিৰাপৰ বটল উদ্ধাৰ কৰা হয় ৷ অৱশ্যে অভিযানকাৰী দলটোৱে ফেন্সিডাইলখিনি সৰবৰাহৰ লগত জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম নহ’ল ৷ ত্ৰিপুৰা আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Foreign cigarette seized : ভাৰতীয় ডাক বিভাগৰ বাহনৰ পৰা জব্দ বিদেশী চিগাৰেট

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.