অসম

assam

সলনি হ’ল শংকৰদেৱ সংঘৰ নাহৰকটীয়া অধিৱেশনৰ তাৰিখ

By

Published : Jan 31, 2022, 9:47 AM IST

২৫ৰ পৰা ২৭ ফেব্ৰুৱাৰীত নাহৰকটীয়াত অনুষ্ঠিত হব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিবেশন (Srimanta Sankardeva Sangha's Naharkatia conference ) । নগাঁৱত অনুষ্ঠিত মূল কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ ।

srimanta-sankardev-sangha-adhiveshan-to-be-held-at-naharkatiya
নাহৰকটীয়াত হ’ব শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন

নগাঁও, 31 ডিচেম্বৰ : চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ৪ৰ পৰা ৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২৫ৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব উত্তৰ পূৱ ভাৰতৰ অন্যতম সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন(Srimanta Sankardeva Sangha annual conference ) ৷

নাহৰকটীয়াত হ’ব শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন

দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও চহৰস্থিত মুখ্য কাৰ্যালয়ত পুৱাৰে পৰা বিয়লি ৫ বজা পৰ্যন্ত অনুষ্ঠিত মূল কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় (Srimanta Sankardeva Sangha Adhiveshan at Naharkatia)। ক'ভিড প্ৰটক'ল অনুসৰি সীমিত পৰিসৰেৰে আৰু মিতব্যয়ীতাৰে এইবৰ্ষৰ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

উল্লেখ্য যে, এইবাৰৰ অধিবেশনত গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে যদিও কোনো ধৰণৰ দোকান পোহাৰৰ ব্যৱস্থা নাথাকিব ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে(Shankar sangha executive's pressmeet) ।

প্ৰধান সম্পাদকজনে লগতে কয় যে ১৫ দিন পৰিস্থিতি পৰ্যবেক্ষণ কৰা হ'ব,যদি ক'ভিডজনিত পৰিস্থিতি উন্নত হয় তেন্তে অধিবেশনৰ কাৰ্যসূচী সলনি হ'ব আৰু যদি পৰিস্থিতি প্ৰতিকূল হৈ থাকে তেন্তে জিলা সমূহলৈ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হ'ব । দেওবাৰে কাৰ্যনিৰ্বাহক সভাত বিগত বৰ্ষৰ ৮,৯ অক্টোবৰত হোজাইত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱাবাহিনীৰ ৰূপালী জয়ন্তী উৎসৱৰ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন উত্থাপিত হয় ।

সভাই বিতং আলোচনাৰ অন্তত উক্ত হিচাপ গ্ৰহণ কৰে আৰু ৰূপালী জয়ন্তী উৎসৱৰ সফল পৰিসমাপ্তিৰ বাবে হোজাই জিলা শাখা আৰু জিলাবাসী ৰাইজলৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তৰফৰ পৰা প্ৰধান সম্পাদক বাবুল বৰাই শলাগৰ শৰাই আগবঢ়ায় । একেদৰে বিগত বৰ্ষৰ ২ অক্টোবৰত নগাঁও জিলাৰ আতিথ্যত অনুষ্ঠিত কেন্দ্ৰীয় শান্তি দিৱসৰ হিচাপো দেওবাৰে অনুষ্ঠিত মূল কাৰ্যনিৰ্বাহকত গৃহীত হয় ।

লগতে পঢ়ক :Sankardev Sangha annual conference: সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

...view details