অসম

assam

Kaliabar Road accident: কলিয়াবৰৰ দেওচুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Jan 22, 2022, 12:34 PM IST

Updated : Jan 22, 2022, 12:59 PM IST

কলিয়াবৰৰ দেওচুৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Kaliabar) । ট্ৰাক আৰু হোণ্ডাই ভেনো বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ৷ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা বৈদ‍্যুতিন মাধ‍্যমৰ বাতৰি প্ৰতিষ্ঠানৰ সাংবাদিকো দুৰ্ঘটনাগ্ৰস্ত ৷

road-accident-in-kaliabar
Kaliabar Road accident: কলিয়াবৰৰ দেওচুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

কলিয়াবৰ, 22 জানুৱাৰী: শনিবাৰে কলিয়াবৰৰ ৰাজপথত পুৱাতে সংঘটিত হয় এক ভয়ানক দুৰ্ঘটনা (Road accident in Kaliabar)। জানিব পৰা মতে, জখলাবন্ধাৰ পৰা কুঠৰীলৈ হোণ্ডাই ভেনো বাহনখনৰে বিয়াৰ জোৰোণলৈ গৈ আছিল এটা পৰিয়াল । এই সময়তে ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় শিশুসহ ৬ জনকৈ আৰোহী । আহতসকলক ততাতয়াকৈ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

Kaliabar Road accident: কলিয়াবৰৰ দেওচুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

জানিব পৰা গৈছে যে, চিকিৎসালয়লৈ নিয়াৰ পথত চালক চন্দন বাচাৰ (৫০) মৃত্যু হয় । পৰৱৰ্তী সময়ত আহতসকলক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয় । আনহাতে, বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কলিয়াবৰৰ এটা বৈদ্যুতিক মাধ্যমৰ সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক গৌতম বৰাও ৩৭ নং ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনাগ্ৰস্ত হয় (Accident of Journalist from Kaliabar)। সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক :ৰঙাপৰাত হ’বলগীয়া মুখ্যমন্ত্ৰীৰ সকলো কাৰ্যসূচী বাতিল

Last Updated : Jan 22, 2022, 12:59 PM IST

ABOUT THE AUTHOR

...view details