অসম

assam

কলিয়াবৰত পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ

By

Published : Nov 9, 2019, 5:01 PM IST

মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ প্ৰতিবাদ অব্যাহত, পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কলিয়াবৰৰ ৰান্ধনী সন্থাই, বিভিন্ন দাবী উত্থাপন

কলিয়াবৰত প্ৰতিবাদ সাব্যস্ত মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ

কলিয়াবৰ, 9 নৱেম্বৰ: সমগ্ৰ অসমতে সম্প্ৰতি চৰকাৰী বিদ্যালয় সমূহৰ অধীনৰ মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ প্ৰতিবাদ অব্যাহত আছে ৷ কলিয়াবৰতো বিভিন্ন দাবী উত্থাপন কৰি শনিবাৰে পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ৰান্ধনী সন্থাই । এই প্ৰতিবাদত অংশ লয় কলিয়াবৰৰ ৰূপহী শিক্ষাখণ্ড আৰু নগাঁও জিলাৰ মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই ৷ ইপিনে ঘণ্টাজোৰা প্ৰতিবাদত ব্যাহত হয় 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত ব্যৱস্থা ।

প্ৰতিবাদকাৰীসকলৰ দাবী সমুহৰ ভিতৰত ৰান্ধনী-সহায়িকাৰ চাকৰিৰ নিয়মীয়াকৰণ, চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ মৰ্যদা, মাননি ষোল্লশ টকালৈ বৃদ্ধি, মধ্যাহ্ন ভোজনৰ দায়িত্ব বেচৰকাৰী সংস্থাৰ পৰা আঁতৰোৱা আদিয়েই প্ৰদান। এই কাৰ্যসূচীৰ অন্তত আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ হস্তক্ষেপত প্ৰতিবাদৰ সামৰণি পৰি । ৰান্ধনী সন্থাটোৱে মহকুমা প্ৰশাসনৰ জৰিয়তে চৰকাৰক এক স্মাৰকপত্ৰ প্ৰদান কৰে ।

কলিয়াবৰত প্ৰতিবাদ সাব্যস্ত মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ

লগতে চাওকঃ অযোধ্যা ভূমিৰ ৰায়দানৰ পূৰ্বে জৰুৰীভাৱে সম্পন্ন কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক বৈঠক

Intro:মধ‍্যহ্ন ভোজন ৰান্ধনি সন্থাৰ প্ৰতিবাদ

বিভিন্ন দাবীৰে পথ অৱৰোধBody:সমগ্ৰ অসমত চৰকাৰী বিদ‍্যালয়ৰ মধ‍্যাহ্ন ভোজন ৰান্ধনি সন্থাৰ প্ৰতিবাদ চলি থকাৰ সময়তে কলিয়াবৰতো বিভিন্ন দাবীৰে প্ৰতিবাদ সাব‍্যস্ত কৰে ৰান্ধনি সন্থাই।
শনিবাৰে পুৱাই কলিয়াবৰ, ৰূপহী শিক্ষাখণ্ড আৰু নগাঁও জিলা মধ্যাহ্ন ভোজন ৰান্ধনি সন্থাৰ ঘণ্টাজোৰা প্ৰতিবাদত ব্যাহত হ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত।
ৰান্ধনি-সহায়িকাৰ চাকৰি চতুৰ্থবৰ্গৰ কৰ্মছাৰীৰ মৰ্যদাৰে নিয়মীয়াকৰণ , মাননী ষোল্লশ টকালৈ বৃদ্ধি ,মধাহ্নভোজনৰ দায়িত্ব বেচৰকাৰী সংস্থাৰ আতঁৰোৱাৰ দাবীত অৱৰোধ কৰে পথ। প্ৰায় একঘণ্টা পথঅৱৰোধৰ অন্তত আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ বুজনিত সামৰণি পৰে প্ৰতিবাদ। প্ৰতিবাদৰ মাজতে মহকুমা প্ৰশাসনৰ জৰিয়তে সঃগঠনটোৱে প্ৰদান কৰে স্মাৰকপত্ৰ।Conclusion:visuals
bites

ABOUT THE AUTHOR

...view details