অসম

assam

নগাঁৱৰ ভেলাইগাঁৱত বাঘৰ আক্ৰমণত এজন নিহত, এজন আহত

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 10:56 AM IST

Tiger attack: ননৈৰ ভেলাইগাঁৱত শুকুৰবাৰে বাঘৰ আক্ৰমণত এজন লোক মৃত্যু হোৱাৰ লগতে এজন লোক আহত হৈছে ৷

Tiger attack
নগাঁৱৰ ভেলাইগাঁৱত বাঘৰ আক্ৰমণত এজন নিহত

নগাঁৱৰ ভেলাইগাঁৱত বাঘৰ আক্ৰমণত এজন নিহত

নগাঁও, 5 জানুৱাৰী :নগাঁৱৰ ননৈ ভেলাইগাঁৱত বাঘৰ আতংক। ৰাজ্যজুৰি বনৰীয়া হাতী, মহে তাণ্ডৱ চলোৱাৰ পিচতে এইবাৰ বাঘৰ আতংকত ত্ৰাসিত হৈছে লোকসকল ৷ জনঅৰণ্যত বনৰীয়া হাতী ভৈয়ামলৈ আহি ইজনৰ পিচত সিজনক আক্ৰমণ কৰাৰ পিচতেই এইবাৰ বাঘৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷

ননৈৰ ভেলাইগাঁৱত শুকুৰবাৰে পুৱাই এটা বাঘে আতংকৰ সৃষ্টি কৰিছে । প্ৰতিদিনৰ দৰে পথাৰত গৰু লৈ যোৱা সময়তেই বাঘৰ আক্ৰমণত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে । আদিত্য শইকীয়া নামৰ লোকজন থিতাতে নিহত হোৱা বুলি জনাইছে স্থানীয় ৰাইজে। নিজৰ ঘৰৰ চোতালতে বাঘৰ আক্ৰমণত মৃত্যু হয় আদিত্য শইকীয়া নামৰ 60 বছৰীয়া লোকজন।

লগতে সত্য ফুকন নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয়। সম্প্ৰতি নগাওঁ ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহত সত্য ফুকন। বৰ্তমানেও বাঘটো পিঞ্জৰাবদ্ধ হোৱা নাই ।

এই ঘটনাৰ পিচতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ অঞ্চলটোৰ লোকে এতিয়া দিন দুপৰতে ঘৰৰ বাহিৰলৈ ভয় কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ স্থানীয় লোকে এই সন্দৰ্ভত স্থানীয় বন বিভাগক অৱগত কৰে যদিও এতিয়ালৈ বাঘটো মুক্তভাৱে বিচৰণ কৰি থকাক লৈ চিন্তিত হৈছে গাঁওবাসী ৷ এনেকৈ হ’লে অনাগত দিনত বহু লোক বাঘৰ আক্ৰমণৰ স্বীকাৰ হোৱাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, বিগত বৰ্ষত বন্যপ্ৰাণীৰ আক্ৰমণত কেইবাজনো লোক মৃত্যু হোৱাৰ লগতে আহত হোৱাৰ ঘটনা সংঘটিত হৈছে ৷ আনহাতে মানুহৰ হাততো বন্যপ্ৰাণী আহত হোৱাৰ ঘটনা নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক:দেৰগাঁৱৰ শোকাৱহ পথ দুৰ্ঘটনা : GMCH ত চিকিৎসাধীন চাৰিগৰাকীৰ অৱস্থা সুস্থিৰ

ABOUT THE AUTHOR

...view details