অসম

assam

ৰাষ্ট্ৰীয় য়ুথ গেমছ ফুটবলত চেম্পিয়ন অসম

By

Published : Sep 10, 2019, 1:32 PM IST

পণ্ডীছেৰী ইন্দিৰা গান্ধী স্পৰ্ট‌চ কমপ্লেক্সত অনুষ্ঠিত হোৱা ফুটবলখেলখনত অংশগ্ৰহণ কৰে মুঠ আঠটা দলে ৷ অসমকে ধৰি নেপাল, ত্ৰিপুৰা, অন্ধ্ৰপ্ৰদেশ, দিল্লী, উত্তৰ প্ৰদেশ ,তেলেংগানাকে আদি কৰি ঘৰুৱা দল পণ্ডীছেৰীয়ে অংশগ্ৰহণ কৰে।

কলিয়াবৰ

কলিয়াবৰ,10 চেপ্তেম্বৰঃচলিত বৰ্ষৰ আগষ্ট মাহৰ ৩০ আগষ্টৰ পৰা ১ চেপ্তম্বৰলৈ য়ুথ গেমছ এছ'ছিয়েছন অৱ পণ্ডীচেৰীৰ উদ‍্যোগত নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত তথা ভাৰতীয় য়ুথ স্পৰ্টচ এছ'ছিয়েছনৰ তত্বাৱধানত এখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ পণ্ডীছেৰী ইন্দিৰা গান্ধী স্পৰ্ট‌চ কমপ্লেক্সত অনুষ্ঠিত হোৱা ফুটবলখনত অংশগ্ৰহণ কৰে মুঠ আঠটা দলে ৷ অসমকে ধৰি নেপাল, ত্ৰিপুৰা, অন্ধ্ৰপ্ৰদেশ, দিল্লী, উত্তৰ প্ৰদেশ, তেলেঙ্গানা ঘৰুৱা দল পণ্ডীছেৰীয়ে অংশগ্ৰহণ কৰে। অসমৰ ৩০ জনীয়া ফুটবল দলটোত স্থান পোৱা কলিয়াবৰৰ চাৰি ফুটবল খেলুৱৈ গৌতম ভূঞা, হিৰকজ‍্যোতি বৰা, নয়নমণি কলিতা, দীপ হাজোৱাৰীক মঙলবাৰে আনুষ্ঠানিকভাৱে নিজ গাঁও জমখলাত সম্বৰ্দ্ধনা জনোৱা হয়। উল্লেখ্য যে ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অসমে ঘৰুৱা দল পণ্ডীছেৰীক ২–১ গ'লত পৰাস্ত কৰে।

ৰাষ্ট্ৰীয় য়ুথ গেমছ ফুটবলত চেম্পিয়ন অসম
Intro:ৰাষ্ট্ৰীয় য়ুথ গেম্‌ছৰ ফুটবলত চেম্পিয়ন অসম

অসম দলত চাৰি কলিয়াবৰৰ খেলুৱৈ
Body:অসম দলৰ হৈ ভাগ লৈছিল – গৌতম ভূঞা, হিৰকজ‍্যোতি বৰা, নয়নমণি কলিতা, দীপ হাজোৱাৰী

চাৰিওজন কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ বি ডিভিজন দল আৰোহন গোষ্ঠীৰ খেলুৱৈ।

য়ুথ গেম্‌ছ এছ'ছিয়েছন অৱ পড্ডুছেৰীৰ উদ‍্যোগত নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত তথা ভাৰতীয় য়ুথ স্পৰ্ট্‌চ এছ'ছিয়েছনৰ তত্বাৱধানত পড্ডুচ্ছেৰী ইন্দিৰা গান্ধী স্পৰ্ট‌চ কম্‌প্লেক্সত যোৱা মাহৰ ৩০ আগষ্টৰ পৰা ১ চেপ্তম্বৰলৈকে অনুষ্ঠিত হৈছিল পড্ডুচ্ছৰীত
অসমকে ধৰি নেপাল, ত্ৰিপুৰা, অন্ধ্ৰপ্ৰদেশ, দিল্লী, উত্তৰ প্ৰদেশ টেলেঙ্গানা ঘৰুৱা দল পড্ডুচ্ছেৰী সহ মুঠ আঠটা দলে অংশগ্ৰহণ কৰে।
অসমৰ ৩০ জনীয়া দলটোত ফুটবল দলত স্থান পোৱা কলিয়াবৰৰ চাৰি ফুটবল খেলুৱৈক আজি আনুষ্ঠানিকভাৱে নিজ গাঁও জমখলাত সম্বৰ্দ্ধনা জনোৱা হয়।
ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অসমে ঘৰুৱা দল পড্ডুচ্ছেৰীক ২–১ গ'লত পৰাস্ত কৰে।Conclusion:visuals
bites

ABOUT THE AUTHOR

...view details