অসম

assam

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তদন্তৰ দাবীত নগাঁৱত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 1:40 PM IST

Updated : Nov 28, 2023, 3:30 PM IST

নাগৰিক সভাৰ প্ৰতিবাদত উত্তাল নগাঁও । সভা সমিতি, ৰেলী, সাংস্কৃতিক অনুষ্ঠানৰ ওপৰত আৰোপ কৰা কৰ, সোৱণশিৰি নদীবান্ধ বন্ধৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

Protest against service tax in Nagaon
নাগৰিক সভাৰ প্ৰতিবাদত উত্তাল নগাঁও

নাগৰিক সভাৰ প্ৰতিবাদত উত্তাল নগাঁও

নগাঁও, ২৮ নৱেম্বৰ :সভা সমিতি, ৰেলী, সাংস্কৃতিক অনুষ্ঠান আদিৰ মাচুলৰ নামত ৰাজ্য চৰকাৰে আৰোপ কৰা অতিৰিক্ত কৰ প্ৰত্যাহাৰ, নামনি সোৱণশিৰি নদীবান্ধ বন্ধৰ লগতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তদন্তৰ দাবীত মঙলবাৰে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে নগাঁও নাগৰিক সভাই । নগাঁও চহৰৰ মাজমজিয়াৰ মতিৰাম বৰা ক্ষেত্ৰত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে নগাঁও নাগৰিক সভা । বিশেষকৈ সভা, সাংস্কৃতিক ৰেলী আদিৰ নামত আৰোপ কৰা কৰ আৰু অত্য়াৱশ্য়কীয় সামগ্ৰীৰ মূল্য়বৃদ্ধিৰ বিৰুদ্ধে জাঙুৰ খাই উঠে নাগৰিক সভা ।

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বৃহৎ নদীবান্ধ বন্ধ কৰাৰো দাবী উত্থাপন কৰে নাগৰিক সভাই । কেৱল এয়াই নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱাৰ লগতে শাসকীয় চৰকাৰৰ বিৰুদ্ধে ৰাইজক সজাগ হ'বলৈয়ো আহ্বান জনায় নাগৰিক সভাই । প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰৰ বিৰুদ্ধে নানা শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ।

লগতে পঢ়ক:চূণচালি গ্ৰাণ্টত বসবাস কৰা প্ৰায় 15 হাজাৰ পৰিয়ালে পাব লাগিব ভূমি পট্টা : পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতি

এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি নগাঁও নাগৰিক সভাত অংশগ্ৰহণকাৰীসকলে ক্ষোভেৰে কয় যে চৰকাৰৰ অতপালি চৃড়ান্ত হৈছে । আমি আজি অতিষ্ঠ হৈ এই প্ৰতিবাদী কাৰ্যসূচীৰে ৰাইজক আহ্বান জনাইছো অসমৰ ৰাইজ ওলাই আহিব লাগে । এই চৰকাৰখনক বিদায় দিবলৈ প্ৰতিবাদকাৰীসকলে ৰাইজক আহ্বান জনায় । ২০২৬ চনত এই চৰকাৰক বিদায় দিবই লাগিব বুলি নাগৰিক সভাত অংশগ্ৰহণকাৰীসকলে ক্ষোভেৰে কয় । চৰকাৰে অসমৰ মানুহক জ্বলা-কলা কৰি খুৱাইছে । তেওঁলোকে কেবল হিতাধিকাৰীহে সৃষ্টি কৰিছে । চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ তেওঁলোকে ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক:বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত নহ’লে ভৱিষ্যৎ ৰাজনীতিত নেতিবাচক প্ৰভাৱ পৰিব: বিৰোধী দলপতি

Last Updated : Nov 28, 2023, 3:30 PM IST

ABOUT THE AUTHOR

...view details