অসম

assam

এডিপি কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে অধ্যাপিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ

By

Published : Apr 10, 2022, 6:31 PM IST

অধ্যাপিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষী থানাত গোচৰ ৰুজু মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে (Molestation case filed against college principal) । নগাঁৱত মিশ্ৰিত প্ৰতিক্ৰিয়া । ছাত্ৰ-ছাত্ৰীয়েও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

Molestation case filed against college principal
অধ্যাপিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ নগাঁৱৰ এডিপি কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে

নগাঁও, 10 এপ্ৰিল : নগাঁৱৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অধ্যাপিকাৰ (Sexual harassment allegation against college principal) । এই সন্দৰ্ভত আৰক্ষী থানাতো ৰুজু হ’ল গোচৰ । ঘটনা সন্দৰ্ভত নগাঁৱত মিশ্ৰিত প্ৰতিক্ৰিয়া । যৌন নিৰ্যাতনৰ অভিযোগক ষড়যন্ত্ৰ বুলি দাবী অধ্যক্ষৰ । ঐতিহ্যমণ্ডিত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিত ভাগৱতীৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ংকৰ অভিযোগ ।

মহাবিদ্যালয়খনৰে এগৰাকী সহকাৰী অধ্যাপিকাক যৌন নিৰ্যাতন (molestation on college teacher) চলোৱাৰ অভিযোগ উত্থাপন হৈছে অধ্যক্ষ ড° সুৰজিৎ ভাগৱতীৰ বিৰুদ্ধে । স্থায়ী নিযুক্তিৰ প্ৰলোভনৰে অধ্যক্ষ ড৹ সুৰজিত ভাগৱতীয়ে সহঃ অধ্যাপিকাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে খোদ অধ্যাপিকাগৰাকীয়ে ।

অধ্যাপিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ নগাঁৱৰ এডিপি কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে

অধ্যক্ষ ড৹ সুৰজিত ভাগৱতীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে অধ্যাপিকাগৰাকীয়ে ৷ অধ্যাপিকাগৰাকীৰ এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 354(A)/376/511ৰ অধীনত ৪৩০/২২নম্বৰত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু কৰে গোচৰ ।

ইপিনে, অধ্যাপিকা গৰাকীৰ বিৰুদ্ধেও ব্লেকমেইলিঙৰ অভিযোগ উত্থাপন কৰে অধ্যক্ষ ড৹ সুৰজিৎ ভাগৱতীয়ে । অধ্যক্ষ ড৹ ভাগৱতীয়েও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে । এই সংক্ৰান্তত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈছে দুটাকৈ গোচৰ । অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৫০৬/৪৪৭ ধাৰাত ৪৩৪/২২ নম্বৰত গোচৰ ৰুজু হয় ।

আনহাতে, এই ঘটনা সন্দৰ্ভত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়েও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । অধ্যক্ষ ড৹ সুৰজিত ভাগৱতী এগৰাকী ভাল ভাৱমূৰ্তিৰ ব্যক্তি বুলি মন্তব্য কৰি বিষয়টোক লৈ ন্যায়ালয়লৈ অপেক্ষা কৰিবলৈ সকলো পক্ষকে আহ্বান জনায় মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে । ঘটনা সন্দৰ্ভত এই পৰ্যন্ত সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য কৰা নাই অধ্যক্ষগৰাকীয়ে । অৱশ্যে, সামাজিক মাধ্যমত এইয়া এক ষড়যন্ত্ৰ বুলি এটা পোষ্ট দিছে ড৹ ভাগৱতীয়ে ।

লগতে পঢ়ক :বিলাসীপাৰাত এনকাউন্টাৰত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details