কামপুৰ, 13 এপ্ৰিল: নগাঁৱৰ কামপুৰত ৰহস্যজনক ঘটনা ৷ কামপুৰ আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুৰ অভিযোগ ৷ ন্যায় বিচাৰি থানাৰ চৌহদত ইনাই-বিনাই কান্দিছে পত্নীয়ে ।
থানাৰ চৌহদত হিয়া ঢাকুৰি কান্দিছে এগৰাকী মহিলাই ৷ দৃশ্যটো কামপুৰ আৰক্ষী থানাৰ ৷ কামপুৰ আৰক্ষী থানাত ৰহস্যজনক মৃত্যু ঘটে মহিলাগৰাকীৰ স্বামীৰ ৷ আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে মৃত্যু হয় লোক জনৰ ৷ মৃত্যু হোৱা লোকজন কামপুৰ ৰে’ল কলনিৰ মতি প্ৰসাদ বৰা বুলি জানিব পৰা গৈছে (Man dies in police custody) ৷
পত্নীক দাৰে আক্ৰমণ কৰাৰ অভিযোগত লোকজনক আটক কৰিছিল কামপুৰ আৰক্ষীয়ে ৷ নিশা আৰক্ষী জিম্মাত থকা অৱস্থাত থানাৰ ভিতৰতে ঢলি পৰিছিল লোকজন ৷ ততাতৈয়াকৈ লোকজনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ব্যক্তিজনক ৷ লোকজনৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই (Death of a Man in custody) ৷ উল্লেখযোগ্য যে, মৃত ব্যক্তিগৰাকী সুৰাসক্ত অৱস্থাটো আছিল বুলি জানিব পৰা গৈছে ৷ প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত ব্যক্তিজন সম্পূৰ্ণ সুষ্ঠ অৱস্থাত আছিল বুলি অৱগত কৰিছে চিকিৎসকে ৷