অসম

assam

Manuj Kumar Goswami: ৫০ বছৰ পূৰ্বৰ দৰে আজিৰ সাংবাদিকতাটো ভুল ত্ৰুটি আছে; মনোজ গোস্বামী

By

Published : May 4, 2023, 10:59 PM IST

জন্মস্থান নগাঁৱত বিশিষ্ট সাংবাদিক, গল্পকাৰ, সাহিত্য একাডেমী বঁটাপ্ৰাপক মনোজ কুমাৰ গোস্বামীক সম্বৰ্ধনা ২৩ টাকৈ অনুষ্ঠান, প্ৰতিষ্ঠানৰ(Journalist Manoj Kumar Goswami felicitated in Nagaon) । সম্বৰ্ধনা গ্ৰহণ কৰি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য বিশিষ্ট সাংবাদিকগৰাকীৰ । আগতে সাহিত্যই সমাজক প্ৰভাৱ পেলাইছিল কিন্তু এতিয়া সমাজে সাহিত্যৰ ওপৰত প্ৰভাৱ পেলায় । বিধায়ক ৰূপক শৰ্মাৰ উন্নয়নমূলক কামৰো প্ৰশংসা মনোজ কুমাৰ গোস্বামীৰ ।

Journalist Manoj Kumar Goswami felicitated in Nagaon
ৰূপক শৰ্মাক প্ৰশংসাৰে ওপচালে মনোজ কুমাৰ গোস্বামীয়ে

ৰূপক শৰ্মাক প্ৰশংসাৰে ওপচালে মনোজ কুমাৰ গোস্বামীয়ে

নগাঁও,৪ মে':নিজৰ জন্মস্থান নগাঁৱত ২৩ টাকৈ সাহিত্য-সামাজিক-শিক্ষানুষ্ঠান আৰু ক্ৰীড়া সংগঠনে ৰাজহুৱা ভাবে সম্বৰ্ধনা জনালে সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক, সাংবাদিক মনোজ কুমাৰ গোস্বামীক ৷ নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ উদ্যোগত আৰু নগাঁও প্ৰেছ ক্লাৱৰ সহযোগত সাহিত্য অকাডেমী বঁটা প্ৰাপক নগঞা সু-সন্তান মনোজ কুমাৰ গোস্বামীকলৈ আয়োজন কৰা বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি আবেগিক হৈ পৰে বিশিষ্ট সাহিত্যিক-সাংবাদিক গৰাকী (Journalist Manoj Kumar Goswami felicitated in Nagaon) ।

জন্মস্থান নগাৱঁত ২৩ টাকৈ অনুষ্ঠান প্ৰতিষ্ঠানৰ সম্বৰ্ধনা গ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে । আগতে সাহিত্যই সমাজক প্ৰভাৱ পেলাইছিল কিন্তু এতিয়া সমাজে সাহিত্যৰ ওপৰত প্ৰভাৱ পেলাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে(Felicitation programme in Nagaon) ।

লগতে সাংবাদিকতা সন্দৰ্ভতো বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে আগবঢ়াই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য । ৫০ বছৰ পূৰ্বৰ সাংবাদিকতাতো ভুল ত্ৰুটি আছিল একেদৰে আজিৰ সাংবাদিকতাতো ভুল ত্ৰুটি আছে । অৱশ্যে আঞ্চলিক সাংবাদিকতাই নিজস্বতা অক্ষুন্ন ৰখা বুলিও মন্তব্য কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে (Sahitya Akademi awardee Manoj Kumar Goswami) ।

ইয়াৰ মাজতে অগ্ৰজসকলে সাংবাদিকতাৰ ভুল ত্ৰুটিবোৰ আঙুলিয়াই আগবঢ়াই নিব লাগিব বুলিও মন্তব্য কৰে সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে । বৃহস্পতিবাৰে নগাঁৱত সাংবাদিক মনোজ কুমাৰ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰা সংগঠনসমূহৰ সৈতে এটা সময়ত নিজেও জড়িত থকাৰ কথাও উল্লেখ কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে ।

বৰ্তমান নগাঁৱৰ বহু পৰিৱৰ্তন হোৱা বুলিও উল্লেখ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই(MLA Rupak Sharma) কৰা উন্নয়নমূলক কামৰ প্ৰশংসা কৰে সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে । সমাজ-সাহিত্য আৰু সাংবাদিকতা শীৰ্ষক বিষয়ত মনোজ কুমাৰ গোস্বামীয়ে বক্তৃতা প্ৰদান কৰা অনুষ্ঠানটিত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মৃদুল কুমাৰ হাজৰিকা, নগাঁও প্ৰেছ ক্লাৱৰ সাংবাদিকসকলৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক:Guwahati smart city project: গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ কাম-কাজৰ ব্যৰ্থতাকলৈ কেন্দ্ৰৰ পৰ্যালোচনা

ABOUT THE AUTHOR

...view details